Breaking

অত্যাধিক ভজা খাদ্য খালে ৩২ ধৰণৰ ৰোগ হ’ব পাৰে! এই অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য…

0 40

এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰ সৈতে ৩২ প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াৰ ভিতৰত হৃদৰোগ, কেন্সাৰ, টাইপ-২ ডায়েবেটিছ আদি গুৰুতৰ ৰোগ আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ আদি অন্যতম। এই গৱেষণা আজিলৈকে সৰ্বাধিক বিশদ অধ্যয়ন, য’ত বিশ্বৰ বিভিন্ন গৱেষণাৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ বিশ্বতে আল্ট্ৰা প্ৰচেছড খাদ্যৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত এই গৱেষণাৰ ফলাফল পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত টিনত ভৰোৱা খাদ্য, প্ৰটিন বাৰ, ৰেডি টু ইট খাদ্য, ফাষ্ট ফুড আদি অন্যতম।

ব্ৰিটেইন আৰু আমেৰিকাত মানুহৰ গড় খাদ্য এতিয়া আধাতকৈ অধিক আল্ট্ৰা প্ৰচেছড খাদ্যৰে গঠিত। একে সময়তে কিছুমান মানুহৰ বাবে (বিশেষকৈ যুৱক-যুৱতী, দৰিদ্ৰ বা বঞ্চিত অঞ্চলৰ লোক) তেওঁলোকৰ খাদ্যত ৮০% পৰ্যন্ত আল্ট্ৰা প্ৰচেছড খাদ্য অন্তৰ্ভুক্ত কৰা হয়।

এক গৱেষণাৰ ফলাফলত দেখা গৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰে সমৃদ্ধ খাদ্য স্বাস্থ্যৰ বহু দিশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গৱেষকসকলে কয় যে এই পৰ্যালোচনাত প্ৰায় এক কোটি লোকক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াৰ ফলাফলসমূহে এই কথা আঙুলিয়াই দিয়ে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰ গ্ৰহণ হ্ৰাস কৰাৰ ব্যৱস্থাৰ প্ৰয়োজন।

আল্ট্ৰা-প্ৰচেছড খাদ্যৰ ভিতৰত পেকেটত ভৰোৱা বেকড গুডছ আৰু স্নেকছ, ফিজি ড্ৰিংকছ, চেনিযুক্ত শস্যজাতীয় খাদ্য আৰু ৰেডি টু ইট খাদ্য আদি অন্তৰ্ভুক্ত। বিভিন্ন ঔদ্যোগিক প্ৰক্ৰিয়াৰ মাজেৰে ৰখা হয় আৰু ইয়াত প্ৰায়ে ৰং, ইমালচাইজিং এজেণ্ট, সোৱাদ আৰু অন্যান্য যোগকৰণ পদাৰ্থ থাকে। এই সামগ্ৰীসমূহত সাধাৰণতে চেনি, চৰ্বি বা নিমখ বেছি থাকে যদিও ভিটামিন আৰু আঁহ কম।

Leave A Reply