Breaking

স্বাৱলম্বনৰ জড়িয়তে পৰিৱৰ্তনৰ প্ৰচেষ্টা বি টি আৰ’ত

0 1,228

মহিলা তথা নিৱনুৱা যুৱক -যুৱতী সকলক স্বাৱলম্বনৰ জড়িয়তে বি টি আৰত পৰিৱৰ্তনৰ প্ৰচেষ্টা চলাব বি টি আৰ চৰকাৰে- ১৫জুলাইত  ওদালগুৰিত পশুপালন বিভাগৰ মহিলা সৱলীকৰণ আঁঁচনিৰ অধীনত ২০ গৰাকী হিতাধিকাৰীলৈ হাঁঁহ আৰু ছাগলী বিতৰণ কৰি এই মন্তব্য কৰে বি  টি আৰৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।হাঁঁহ ,ছাগলী বিতৰণ অনুষ্ঠানত  উপস্হিত মহিলা তথা ৰাইজক চৰকাৰে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰি স্বাৱলম্বীতাৰ জড়িয়তে বি টি আৰক আগবঢ়াই নিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা খনৰ ২০ জনী মহিলাক ১০ টাকৈ হাঁঁহ আৰু ১০ জনী মহিলাক ৫ টাকৈ ছাগলী বিতৰণ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে।অনুষ্ঠানত বি টি আৰৰ গোৰেশ্বৰ সমষ্টিৰ এম চি এল এ পৱিত্ৰ বড়োৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্হিত আছিল।

Leave A Reply