Breaking

চামগুৰিৰ নামা পাঘালিত ৮টাকৈ গ্ৰেনেড সদৃশ গোলা উদ্ধাৰ

0 30

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামা- পাঘালি অঞ্চলত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আঠ টা গ্ৰেনেড সদৃশ গোলা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত বোমা উদ্ধাৰৰ সন্ধানত নামা- পাঘালি অঞ্চলত অভিযান চলাই ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে নামা-পাঘালি অঞ্চলৰ এটা পথৰ দাঁতিত ৮ টাকৈ গ্ৰেনেড বোমা সদৃশ গোলা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা বোমা সদৃশ গোলা কেইটা সুৰক্ষিত স্থানত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

উদ্ধাৰ কৰা গোলা কেইটা হস্তনিৰ্মিত বোমা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও বোমা বিশেষজ্ঞয়ে উক্ত বোমা সদৃশ গোলা কেইটা পৰীক্ষাৰ অন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

আনহাতে বোমা সদৃশ গোলা কেইটা উদ্ধাৰ হোৱাৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ২৯২/২৩ নম্বৰত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷

Leave A Reply