Breaking

২১ৰ নিৰ্বাচন আৰু অখিল গগৈ…

0 1,132

মদন মোহন পাগবন্ধা

২০১৬ চনৰ শেষ শৰাইঘাট ৰণত যুঁজ কৰি বিজেপিৰ মিত্ৰজোঁটৰ এখন চৰকাৰ ৰাইজে পাতিলে জনগণে কি পালে কি নাপালে আপোনালোকে দেখিলে। এতিয়া ২১ ৰ নিৰ্বাচন সমাগত অসমত বলিছে চৰকাৰ বিৰোধী বিক্ষিপ্ত বতাহ। আমাৰ দৃষ্টিত বিৰোধী বতাহ আৰু সেই বিৰোধী বতাহ বেলতলৈ যোৱাটো এক বেলেগ কথা। এনে সময়তে আহি পৰিছে অখিল গগৈৰ প্ৰসংগ। ইতিমধ্যে এক তৃতীয় মৰ্চাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া কথা হৈছে অসমৰ যি চৰকাৰ তাৰ বিৰোধী সমূহ শক্তি একেলগে মাৰ বান্ধি থিয় হ’ব পাৰিবনে? যদিহে বিৰোধী শক্তি সমূহ বিভাজিত হৈ চৰকাৰ সলনিৰ অলীক স্বপ্ন দেখিছে তেওঁ তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ বিৰোধীৰ ভোট বিভাজন হৈ বর্তমানৰ চৰকাৰে কোৱাৰ দৰে ১০০ আসন প্ৰাপ্তিৰ বাট মোকোলাই দিয়া হ’ব। এতিয়া আহো অখিল গগৈ প্ৰসংগলৈ। আমি যি দেখিছোঁ এই সময়ত সকলোৰে চকুৰ আগত বিকল্প এখন মুখ ভাঁহি আহিছে সেইখন হ’ল অখিল গগৈ। অখিল গগৈ এতিয়া অকল নিম্ন মধ্যবিত্তৰ এক প্ৰতিবাদী সত্তা হৈ থকা নাই। অখিল এতিয়া অসমৰ সকলো জনতাৰ এক গ্রহণযোগ্য নেতা হিচাপে প্ৰতিপন্ন হৈছে। এই সময়ছোৱাত এটা কথা মন কৰিছোঁ অসমৰ প্ৰতিটো জাতীয় দল-সংগঠনে অখিল গগৈৰ পক্ষত থিয় দিছে। এই কথাই তেওঁৰ গ্রহণযোগ্যতাক প্ৰতিপন্ন কৰিছে। এতিয়া অখিল গগৈৰ কিন্তু কিছু দায়িত্ব আছে আমি আগতেই কৈছো যে প্ৰতিবাদ কৰা আৰু প্ৰতিবাদী ৰাইজক সংগঠিত কৰি এখন চৰকাৰ সলনি কৰা কিন্তু জটিল কাম। এই ক্ষেত্ৰত অসমৰ চুকে কোণে ৰাইজক সংগঠিত কৰিব লাগিব। চৰকাৰে এই সময়ত অখিল গগৈক মুকলি কৰি দিলেও এইয়া কিন্তু হ’ব সাময়িক। যদি কিবা কাৰণত আকৌ আন্দোলনে ব্যাপক বা বিক্ষিপ্ত ৰূপ লয় তেন্তে তেওঁক আকৌ কাৰাগাৰলৈ নিক্ষেপ কৰিলেও একো আচৰিত হ’ব লগা নাই। গতিকে এই সময়ছোৱাত অসমৰ প্ৰতিটো বিৰোধী শক্তিক একত্ৰিত কৰি গগৈ এক শক্তিশালী ভেটি নিৰ্মাণ কৰিবই লাগিব। কাৰণ নিৰ্বাচনত ভোটৰ অংক হ’ব য’ত থাকিব জাতি ধৰ্ম আঞ্চলিক সমস্যা আদি। এটা কথা ঠিক অসমৰ ৰাইজৰ কিন্তু অঞ্চলিকতাবাদক বৰ সহজে বিশ্বাস নকৰিব। কাৰণ অসম গণ পৰিষদে ৰাইজক কি দিলে সকলোৱে দেখিলে। গতিকে এই বিশ্বাসো কিন্তু গগৈয়ে অসমৰ ৰাইজক দিব লাগিব। মুঠৰ ওপৰত চৰকাৰ বিৰোধী আঞ্চলিকতাবাদী শক্তি, জনগোষ্ঠীয় আঞ্চলিকতাবাদী শক্তি, সমূহ বিৰোধী ঐক্য আৰু অসমৰ সৰ্বস্তৰৰ জনগণক একত্ৰিত কৰি এক বিশ্বাস জন্মাই সংগঠিত কৰাৰ দায়িত্বও কিন্তু অখিল গগৈৰে।

Leave A Reply