Breaking

ওদালগুৰিৰ শিৱপুৰত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ উদ্যোগত বৈদ্যুতিক বেংকিং সজাগতা সভা

0 2,031

ওদালগুৰি জিলাৰ অন্তৰ্গত শিৱপুৰ ডিচিডিচিৰ কাৰ্যালয়ত শিৱপুৰ,লাউদং আৰু বালিচন্দা অঞ্চল সামৰি নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক,ওদালগুৰি শাখাৰ উদ্যোগত ২৯ ছেপ্তেম্বৰত  এখনি বৈদ্যুতিক বেংকিং সজাগতা সভা আৰু প্ৰশিক্ষন অনুষ্ঠিত হৈ যায়।ওদালগুৰি শাখাৰ প্ৰধান মনোজ শৰ্মাই আঁতধৰা উক্ত সজাগতা সম্পৰ্কীয়  প্ৰশিক্ষন কাৰ্যসূচী উদ্বোধন কৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত এ চি এছ সুপ্ৰিয়া বাউলাৰীয়ে।প্ৰশিক্ষনত উপস্থিত থাকি নৰ্থ-ইষ্টৰ মুখ্য চি এছ আৰ চাহেল হকে কয়- বৰ্তমান সময়ত এচাম হেকাৰ তথা প্ৰৱঞ্চকে বেংকৰ গ্ৰাহক সকলৰ একাউন্ট অথবা এটিএমৰ জৰিয়তে বৈদ্যুতিক অথবা অনলাইন যোগে ধন হৰলুকি কৰি এক হাহাকাৰৰ অৱস্থাৰ সৃষ্টি কৰি আহিছে।সেয়ে এই ক্ষেত্ৰত গ্ৰাহক সকলে নিজৰ জমাধন কিদৰে হৰলুকি নোহোৱাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় সেই সন্দৰ্ভত  ২৯ছেপ্তেম্বৰত বিশেষ প্ৰশিক্ষনৰ ব্যৱস্থা কৰা হৈছে।সেয়ে গ্ৰাহক সকলক তেওঁলোকৰ নিজা বেংক একাউন্ট,এটিএমৰ পিন নম্বৰ অথবা বেকৰ গোপনীয়তা কোনো তথ্য আনৰ ওচৰত প্ৰকাশ নকৰিবলৈ আহ্বান জনায়।উক্ত প্ৰশিক্ষনত ৰিজাৰ্ভ বেংকৰ অফিচাৰ কিষন কুমাৰে স্ক্ৰীন প্ৰজেক্ট ব্যৱহাৰ কৰি নিজৰ ধন সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত গ্ৰাহক সকলক সজাগ হবলৈ প্ৰশিক্ষন দিয়ে আৰু প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পাবলৈ প্ৰৱঞ্চক সকলৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।২৯ছেপ্তেম্বৰৰ  এই প্ৰশিক্ষন কাৰ্যসূচীত সংখ্যালঘু অধূষ্যিত অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা,যুৱক-যুৱতী সকলৰ লগতে নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ আন বিষয়া,কৰ্মচাৰী সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply