Breaking

শিৱসাগৰ জিলা কৃষি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচনিৰ হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ : ৩৫২ জন অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন : ১৩ গৰাকীয়ে উভতালে ধন ।

0 54

নাজিৰা 

 শিৱসাগৰ জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ হোৱা ” প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ” আচনিৰ জৰিয়তে অযোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জিলা কৃষি বিভাগে এই আচনিৰ হিতাধিকাৰী সকলৰ যোগ্যতাৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শিৱসাগৰ জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে এক বিবৃতি যোগে এই কথা সদৰী কৰি লগতে জনাইছে যে , শিৱসাগৰ জিলাত ” প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ” আচনিৰ অধীনত মুঠ ৭০,৮৬৯ গৰাকী হিতাধিকাৰীৰ নাম আপলোড কৰা হৈছিল যদিও ৫৮,৬৪৫ গৰাকী হিতাধিকাৰীয়েহে ধনন লাভ কৰিছিল।বিভাগে আৰম্ভ কৰা হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়াত বৰ্তমানলৈকে ৪৭,৪৬৮ গৰাকী হিতাধিকাৰীৰ ২,৭৪২ গৰাকী অযোগ্য বুলি প্ৰমাণিত হৈছে । এই পৰীক্ষণ প্ৰক্ৰিয়াৰ প্ৰায় ৮১ শতাংশ কাম সম্পন্ন হৈছে আৰু বাকী থকা কামখিনি অতি শীৰ্ঘ্ৰে সম্পন্ন কৰা হ’ব বুলি জিলা কৃষি বিষয়াগৰাকীয়ে বিবৃতিটোৰ যোগে জনাইছে । আনহাতে এই সন্দৰ্ভত ইতিমধ্যে যোৱা ১৩ মে’ ত বিভাগীয় ভাৱে বাতৰি কাকতৰ যোগেদি বিজ্ঞাপন প্ৰকাশ কৰি অযোগ্য হিতাধিকাৰীসকলক নাম প্ৰত্যাহাৰ কৰিবলৈ গোহাৰি জনোৱাৰ লগতে প্ৰাপ্ত ধনন নিদিষ্ট নিয়মেৰে ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছিল । ধন ঘূৰাই দিবলৈ শিৱসাগৰস্থিত ” চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া “ৰ একাউণ্ট নং ৩৮১৫৯১৫৪১২ আৰু IFSC code CBIN0283213 ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল । সেইমৰ্মে বৰ্তমানলৈকে বিভাগীয়ভাৱে ৩৫২ গৰাকী অযোগ্য হিতাধিকাৰীৰ ননাম কৰ্তন কৰা হৈছে আৰু১৩ গৰাকী হিতাধিকাৰীৰ পৰা ১,০৬,০০০ টকা বিভাগে ঘূৰাই পাইছে । জিলা কৃষি বিষয়াগৰাকীয়ে জনোৱা মতে, ইতিমধ্যে বিভাগৰ তৰফৰ পৰা কৃষি মহকুমা অনুযায়ী তিনিগৰাকী মহকুমা কৃষি বিষয়াক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি তদাৰক কৰিবলৈ দায়িত্ব ন্যস্ত কৰে । কিবা ওজৰ – আপত্তি থাকিলে এই তিনিগৰাকী মহকুমা কৃষি বিষয়া ক্ৰমে দিলীপ গায়ন , মহকুমা কৃষি বিষয়া , শিৱসাগৰ , ফোন নং ৯৪৩৫৩-৬০৪৭৯ , ক্ষিৰেশ্বৰ শইকীয়া , মহকুমা কৃষি বিষয়া , আমগুৰি , ফোন নং ৯৯৫৪৮-৯৩৫৫০ আৰু সুৰভী লাহন মহকুমা কৃষি বিষয়া , নাজিৰা , ফোন নং ৯৮৫৪৩-৬১৮১৯ যোগাযোগ কৰিব পাৰিব বুলি বিবৃতিটোত লগতে জনাইছে ।

Leave A Reply