Breaking

মৰিগাঁৱত শিপিনীৰ ধন আত্মসাৎ: জিলা উপায়ুক্তক অভিযোগ দাখিল দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী মৰিগাঁবাসীৰ

0 91

দৈনন্দিন বাৰ্তা সেৱা,মৰিগাঁও

মৰিগাঁৱত শিপিনী চচাইটিৰ অধীনত জিলা খনৰ এশ গৰাকীকৈ মহিলাৰ শিপিনী প্ৰশিক্ষণৰ নামত অহা ধন লুণ্ঠন কৰা ঘটনাই সমগ্ৰ জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে, ৰীণা ডেকা নামৰ‌ এগৰাকী শিপিনী চচাইটিৰ সম্পাদিকাই জিলা খনৰ এশ গৰাকীকৈ মহিলা শিপিনীক ৪৫ দিনকৈ শিপিনী চচাইটিৰ পৰা প্ৰশিক্ষণ দিছিল। প্ৰশিক্ষণ ৪৫ দিন লোৱাৰ পিছত অসম চৰকাৰে প্ৰতিগৰাকী শিপিনীলৈ আগবঢ়োৱা ৯৪৫০ টকা শিপিনী সকলক আদায় নিদি উক্ত ধন আত্মসাৎ কৰে শিপিনী চচাইটিৰ সম্পাদিকা ৰীণা ডেকা নামৰ‌ মহিলা গৰাকীয়ে। অভিযোগ মতে, সম্পাদিকা ডেকাই প্ৰশিক্ষণৰ সময়ত প্ৰতিগৰাকী শিপিনীৰ পৰা প্ৰশিক্ষণৰ ধন সোমোৱাই দিয়াৰ উদ্দেশ্যে বেংকৰ পাচবোক সমূহ জব্দ কৰি ৰাখিছিল । মহিলা সকলৰ প্ৰশিক্ষণ শেষ হোৱাৰ অলপ দিনৰ পিছতেই দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ ৰাজ্যখনত লক ডাউন আৰম্ভ হয়।এই লক ডাউনৰ মাজত চৰকাৰে দিয়া জনধন আঁচনিৰ যোগেদি মহিলা সকলে বেংকৰ একাউণ্টত লাভ কৰিছিল দুটাকৈ কৃষ্টিৰ ধন। কিন্তু সেই ধন উঠাবলৈ শিপিনী সকলে সম্পাদিকা ৰীণা ডেকাৰ ঘৰত গৈ পাছবুক সমূহ বিচাৰে। মহিলা সকলক পাচবুক সমূহ ঘূৰাই নিদি ৰীণা ডেকাই  বহু অশ্লীল ভাষাৰে গালি পাৰি মহিলা সকলক খেদি পঠিয়ায় বুলি মহিলা সকলে গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে। আনহাতে,  মৰিগাঁও চহৰস্থিত ইউক’ বেংকত একাউণ্ট থকা শিপিনী সকলে কৰ্মচাৰী সকলৰ লগত এই সন্ধৰ্ভত আলোচনা কৰে যদিও বেংক প্ৰতিষ্ঠানটোৰ পৰাও কোনো ধৰণৰ সহাৰী নাপালে ভুক্তভোগী শিপিনী সকলে। মহিলা সকলে সম্পাদিকা ৰীণা ডেকাক ফোন কৰি প্ৰাপ্য ধন বিচৰাৰ লগতে এই সংকটৰ সময়ত লগ কৰি ধন ঘুৰাই দিবলৈ অনুৰোধ জনায় অহাত ডেকাই মুঠ ৯৪০০ টকাৰে  শিপিনী সকলক ৩৪০০ টকাকৈ দি বাকী ৫০০০টকা শা’লৰ নামত দিম বুলি চতুৰালীয়ে মন্তব্য কৰে যদিও আজি পৰ্যন্ত নিদিয়াৰ অভিযোগ উত্থাপিত কৰে মহিলা সকলে।  ইফালে, এশ গৰাকীকৈ শিপিনীৰ ধন আত্মসাৎ কৰাত অতিষ্ঠ হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহিলা সকলে উচিত তদন্ত‌ৰ বাবে  এক লিখিত অভিযোগ পত্ৰ মৰিগাঁও জিলাৰ উপায়ুক্তক দাখিল কৰে। আনহাতে, দেশত মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়ত এনেদৰে মহিলা শিপিনী সকলৰ ধন আত্মসাৎ কৰি লুণ্ঠনৰাজ চলাই যোৱা এই গৰাকী ৰীণা ডেকাৰ ওপৰত জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়ত লক্ষণীয় হ’ব। ইপিনে, এশ গৰাকীকৈ মহিলা শিপিনীক চৰকাৰে প্ৰশিক্ষণৰ বাবে দিয়া জলপানি আত্মসাৎ কৰা দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মৰিগাঁবাসীয়ে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।

Leave A Reply