Breaking

ক্ষতিগ্ৰস্ত মঠাউৰিৰ জৰুৰী মেৰামতি ব্যৱস্থা জলসম্পদ বিভাগৰ।

0 772

উজনি-মাজুলী : শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ মঠাউৰিৰ অংশসমূহ জৰুৰী ভাৱে মেৰামতি কৰাৰ ব্যৱস্থা লৈছে জলসম্পদ বিভাগে। মঙ্গলবাৰে বিভাগটোৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় কুমাৰ ডেকাৰ সৈতে ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা অংশৰ পৰা বনগাঁও অংশলৈ পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থা নিৰীক্ষণ কৰে। জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰাদ্বয়ে টেকেলিফুটা-হালধিবাৰী-বেচামৰা ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা, জাবৰচুক, গেজেৰা, চাউৰেকীয়া, সোণোৱাল কছাৰী, চিকাৰী, লাচন, কান্ধুলিমাৰী, চটাইপুৰ, ৰতনপুৰ, নিকিনিখোৱা, ময়েঙীয়া মিচিং গাঁও, প’ৰাম, ধোঁৱাচলা, বনগাঁও অংশ সুক্ষভাৱে পৰ্যবেক্ষণ কৰি শেহতীয়া বৰষুণত হোৱা  ‘ৰেইনকাট’ সমূহ শীঘ্ৰে মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

Leave A Reply