Breaking

সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত গ্ৰীষ্মকালীন প্ৰজ্ঞা পাঠ দান শিবিৰৰ সামৰনি…

0 86

ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সোমবাৰে সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ৩ জুলাই পৰা আৰম্ভ কৰা গ্ৰীষ্মকালীন পাঠ দান শিবিৰৰ সোমবাৰে সামৰনি পৰে ৷ বিগত বৰ্ষৰ দৰে এইবৰ্ষতো ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱাৰ একান্ত প্ৰচেষ্টাত আয়োজন কৰা ” প্ৰজ্ঞা ” কেম্পৰ জৰিয়তে ধনশিৰি মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ষষ্ঠ,সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ প্ৰায় ৫২ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰা গ্ৰীষ্মকালীন শিবিৰত যোগাসন , নাটক ,সমবেত সংগীত , গণিত জটিলতা সমুহ সহজভাৱে সমাধান কৰা আদি বহুকেইইটা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাদান কৰা হয় ।

ছাত্ৰ ছাত্ৰী সকলে গ্ৰীষ্ম বন্ধত যাতে পঢ়াৰ প্ৰতি আকৰ্ষিত হয় তাৰ উদ্দেশ্য আৰম্ভ প্ৰজ্ঞা শিবিৰ সামৰনি অনুষ্ঠানত গোলাঘাট জিলা আয়ুক্ত ড° পি উদয় প্ৰবীণ , প্ৰজ্ঞা অনুষ্ঠানৰ গুৰিধৰোতা অতিৰিক্ত আয়ুক্ত তথা ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা ,সহকাৰী সুত্ৰিষ্ণা বৰদলৈ , সীমান্ত দণ্ডাদীশ প্ৰীয়ম ফুকন ,নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা , মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস, গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বৰ্মন টেৰন , গোলাঘাট জিলা সাংবাদিক সংস্হাৰ সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰা , লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক সকল উপস্থিত থাকে।

Leave A Reply