Breaking

এম ছিৰাজ উদ্দিন ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান সাংসদ বদৰুদ্দিন আজমলৰ।

0 2,031

বৃহস্পতি বাৰে হোজাই জিলাৰ নীলবাগানত এম ছিৰাজ উদ্দিন আজমল ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান কৰিবলৈ উপস্থিত হৈছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল তেওঁৰ লগত সংগ দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰশ্বিদ আহমেদ চৌধুৰী, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বাৰভূঞা, মাৰ্কাজুল মা আৰিফৰ সভাপতি ডঃ ছামচুল হক চৌধুৰী আৰু নীলবাগান অঞ্চলৰ ৰাইজ।হোজাইৰ নীলবাগানত উপস্থিত হৈ যমুনামুখৰ বিধায়ক তথা ভাতৃ ছিৰাজুদ্দিন আজমলৰ এক বিশেষ পদক্ষেপৰ শলাগ ললে এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে৷
নীলবাগানত বিধায়ক ছিৰাজুদ্দিন আজমলে স্থাপন কৰা ষ্ট্ৰিট লাইবেৰীত ইংৰাজী কিতাপ দান কৰি ৰাইজক কিতাপ পঢ়িবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে ৷ড্ৰাগচ সেৱন কৰি বিপতে যোৱা সকলক সেইবোৰ পৰিত্যাগ কৰি ম’বাইলত সময় অতিবাহিত কৰাতকৈ কিতাপ হাতত লৈ অধ্যয়ণ কৰাৰ আহব্বান জনায় সাংসদ আজমলে ৷অসমত বিজেপি উৎসাৎ কৰিবলৈ হলে প্ৰথমে আজমলক আৰু তাৰ পিছত AIUDFক উৎসাৎ কৰিব লাগিব বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্তব্য কৰিছিল ৷এই বিষয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয়- এইটো তেখেতৰ ধাৰণা আমাৰ একো কবলগা নাই, গৰীব চপ্নাতো দেখতা চাকত্যা হ্যয় , নিৰ্বাচনৰ সময় আহিলে দেখা যাব বুলি মন্তব্য কৰে আজমলে ৷

Leave A Reply