Breaking

‘সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক’ : ডবকাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভাত সকলোৰে একেমুখে চৰকাৰলৈ আহবান

0 1,151

ডবকা, ২০ নৱেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডবকা প্ৰেছ দিৱস উদযাপন সমিতিয়ে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মদাৰতলি এইছ আৰ গ্ল’ৱেল ছিনিয়ৰ চেকেণ্ডেৰী স্কুলত আজি এখন মুকলি সভা অনুষ্ঠিক কৰে ৷ ডবকা প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল হান্নানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নীলবাগান মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ আনোৱাৰ হুছেইন চৌধুৰী , বিশিষ্ঠ  অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা সমাজসেৱক মনোৱাৰ হুছেই(বকুল) , হাম হস্পিতালৰ প্ৰশাসনিক বিষয়া ওৱাহিদ তালুকদাৰ ওৰফে মানিক, চাংমাজি গাওঁপঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী বাগলাৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ সাধাৰন সম্পাদক জাইদুল লস্কৰ, বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিদ উদ্দিন,NSUI ৰ হোজাই জিলা সভাপতি মহবুব আলম বৰভুঞা ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাংবাদিক বাবুল তালুকদাৰে বৰ্তমান সময়ত সাংবাদিক সকলে ভূগী অহা সমস্যাৰাজিৰ বিষয়ে আলোচনা আলোকপাত কৰে ৷ তাৰো পৰি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নিৰ্দ্ধাৰন কৰি দিয়া ” কৰুনা কালত সাংবাদিকৰ ভূমিকা” সন্ধৰ্ভত আলোচনা কৰিবলৈ সকলোকে আহবান জনায় ৷ সভাত আমন্ত্ৰিত অতিথি সকলে কৰুনা কালত সাংবাদিক সকলে কিদৰে যুদ্ধংদেহী মনোভানেৰে কাম কৰি গৈছে সেই বিষয়ে বিষদভাবে ভাষন প্ৰদান কৰে ৷ সভাত ডবকাৰ জেষ্ঠ সাংবাদিক আব্দুল হাকিমে বৰ্তমান সময়ত সাংবাদিক সকলে নিজৰ কৰ্তব্য পালনৰ সময়ত কিদৰে চৰকাৰী পক্ষই হওঁক বা দালাল শ্ৰেণীৰ নিৰ্য্যাতনৰ বলি হব লগা হল তাৰ বিষয়ে বিশধ ভাবে বক্তব্য দাঙি ধৰে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো সাংবাদিক সকলে নিজৰ নিৰাপত্তা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল  তাৰ বিষয়েওঁ বিশধ ভাবে আলোচনা কৰা হয় ৷ শ্বহীদ সাংবাদিক সকলৰ তালিকাওঁ ক্ৰমাম্বয়ে দীঘলীয়া হবলৈ ধৰিছে ৷ এইটো সমাজৰ বাবে এক অশুভ লক্ষন বুলি সাংবাদিক সকলে অবিহত কৰে ৷ সভাত সকলোৱে বৰ্তমান সময়ত সাংবাদিক সকলৰ নিৰপত্তা বিচাৰি চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে ৷ সভাৰ আৰম্ভনিতে শ্বহীদ সাংবাদিক সকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট  সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ সভাত কৰুনা কালত একনিষ্ঠ ভাৱে  ৰাইজৰ সেৱা আগবঢ়োৱা ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, হাম হস্পিতালৰ প্ৰশাসনিক বিষয়া ওৱাহিদ তালুকদাৰ, কে,আৰ,চি, ফাউণ্ডেচন, আশাকৰ্মী চুপাৰভাইজাৰ মিনাৰা বেগম, শাৰিৰীক প্ৰবন্ধকতাকো নেওঁচি লক-ডাউনৰ  সময়ত  দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰন কৰা প্ৰতিবন্ধী যুৱক অমৰ দেৱনাথ , মৰণোত্তৰভাবে সৰবৰহী যুৱক তথা প্ৰতিস্থিত ঔষধ বিক্ৰেতা প্ৰয়া আজাদ হুছেইন আৰু ডবকা সমবায় সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰয়াত নজিৰ আহমেদ লস্কৰ কভিড’ যোদ্ধা হিচাপে সম্বাৰ্ধনা জনোৱা হয় ৷ লগতে হোজাই জিলাৰ বিভিন্ন সমস্যা ৰাজিৰ ওপৰত প্ৰতিতো পলতে মাত মাতি অহা ছাত্ৰ সংগঠন , আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোৱাৰ হুছেইন লস্কৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক জাইদুল লস্কৰক সম্বৰ্ধনা জনোৱা হয় ৷ লগতো ডবকা ,মোৰাঝাৰ অঞ্চলৰ তিনি উদীয়মান যুৱ সাংবাদিক ক্ৰমে জেনিভ জেৰি, এবাদুৰ ৰহমান আৰু হাচনুল ইছলামকো সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ সমান্তৰালকৈ বৃহত্তৰ ডবকা অঞ্চলৰ ২০ গৰাকীকৈ লোকক সাংবাদিক সকলৰ ফালৰ পৰা কম্বল বিতৰন কৰা হয় ৷  উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা ডবকা প্ৰেছ দিৱস উদযাপন সমিতিয়ে উক্ত দিনা কেইটিমান কাৰ্য্যসূচী ৰূপায়িত৷কৰি হোজাই জিলা প্ৰশাসনে লামডিংত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অংশগ্ৰহন কৰিব লগা হোৱাৰ বাবে মুকলি সভাখন অনুষ্টিত কৰিব পৰা হোৱা নাছিল ৷ সেয়েহে  প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি   এই মুকলি সভাখন অনুষ্ঠিত কৰা হয় ৷

Leave A Reply