Breaking

মুছলপুৰত বিনোদন উদ্যান উদ্বোধন কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ

0 2,038

বিটিচিৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত ৰাইজৰ বাবে এখন বিনোদন উদ্যান মুকলি কৰে ৷ উল্লেখনীয় যে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৰাইজৰ বাবে নিজৰ ধনেৰে ৭৮ বিঘা মাটি সামৰি ৬০ বিঘা মাটিত পুখুৰী খান্দি “মাউজী পাৰ্ক” নামেৰে সাজি উলিয়াইছে বিনোদন উদ্যানখন ৷ আজি উদ্যানখন উদ্বোধন কৰি ৰাকেশ ব্ৰহ্মই কয় যে মাউজী পাৰ্কক সমগ্ৰ বিটিআৰৰ অঞ্চলৰ ভিতৰতে একমাত্ৰ আকৰ্ষণীয় বিনোদন উদ্যান বনোৱাৰ পৰিকল্পনা আছে। এই পাৰ্কত স্থানীয় লোকৰ লগতে বাক্সালৈ আমোদ দিয়াৰ বাবে মাউজী পাৰ্কখন খোলা হৈছে। কোনো লোকে কোনো সময়ত অস্বস্তি অনুভৱ কৰিলে এই মাউজী পাৰ্কত আহি আমোদ লব পাৰিব ৷ ভৱিষ্যতে এই পাৰ্কখন অধিক উন্নত কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলা হ’ব বুলিও মন্তব্য কৰে ব্ৰহ্মই। উল্লেখ্য যে মুছলপুৰৰ পূৱ বাংনাবাৰীত স্থাপিত উদ্যানখনত থকা পুখুৰীত নৌকা বিহাৰ ব্যৱস্থাৰে বৃদ্ধি কৰা হৈছে আকৰ্ষণ, শিশু সকলৰ বাবেও স্থাপন কৰা হৈছে খেল-ধেমালি তথা বিনোদনৰ বিভিন্ন সা-সৰঞ্জাম ৷ উদ্যানখনৰ চৌপাশে বৃক্ষ ৰোপন কৰাৰ লগতে বিভিন্ন স্থানত বাঁহৰ দলং আৰু জিৰণি চ’ৰা স্থাপন কৰি সৃষ্টি কৰি গঢ়ি তোলা হৈছে এক নান্দনিক পৰিৱেশ ৷  

Leave A Reply