Breaking

ধনশ্ৰী বন বিভাগ আৰু ৰ’জ এন জিঅ’ৰ উদ্যোগত পৰিবেশ সজাগতামূলক কাৰ্যসূচী

0 61

শক্তি সংৰক্ষণ কৰা,পানী সংৰক্ষণ কৰা,একক ব্যৱহাৰ প্লাষ্টিকৰ বৰ্জন কৰা,বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰা, আৱৰ্জনা হ্ৰাস কৰা,স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰা আৰু ই-আৱৰ্জনা হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ সচেতন কৰিবলৈ সমাগত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি টংলাস্থিত চাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত ধনশিৰি ফৰেষ্ট ডিভিজনৰ উদ্যোগত লগতে ৰ’জ এনজিঅ’ আৰু ওদালগুৰি জিলা চাইল্ড লাইনৰ সহযোগত পৰিবেশ সজাগতা মূলক এটি অনুষ্ঠান অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গছ পুলি ৰোপণ কৰে ক্ৰমে ৰজ এনজিঅ’ৰ সঞ্চালক ললিত বড়ো ,ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ কুমাৰ চহৰীয়া ,টংলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতা ৰাণী মহলীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ শৰ্মা ,ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় চৌধুৰী ,বিবাৰ ফাইন আৰ্ট’ছ এণ্ড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰণৱ বড়োয়ে।

চাইল্ড লাইনৰ সংগঠক অৰূপ বড়োৱে উদ্দেশ্য বাখ্যা কৰা বঁটা বিতৰণি অনুষ্ঠানটি পৰিচালনা কৰে সাংবাদিক ফটিক ৰাভাই।

মুখ্য অতিথিৰ ভাষণৰ প্ৰসংগত সাংবাদীক তথা প্ৰকৃতিপ্ৰেমী জয়ন্ত কুমাৰ দাসে মনোভাব ব্যক্ত কৰি কয় যে গছক ভাল পাওঁ বুলি কেলেই প্ৰকৃতিক ভাল পোৱা নুবুজায়,প্ৰতিজন ব্যক্তিয়ে নিজৰ দৰে গছক ভাল পাব লাগিব, যতন,সুৰক্ষা আৰু আদৰ কৰিব লাগিব বুলি কয়।

,

সভাত উপস্থিত থাকি সহযোগ আগবঢ়াই চাইল্ড লাইনৰ পৰিচালক ললিত বড়ো, সমন্বয়ক বেলিনা দৈমাৰী, সংগঠক অনচুলা মোচাহাৰী, চিন্ময় ডেকা, ৰ’জ শিশু গৃহ(চি চি আই) ৰ কৰ্মী শ্যামন্ত ৰাভাৰ লগতে বিদ্যালয়খনৰ ছাত্র ছাত্ৰী,অভিভাৱক সকল উপস্থিত থাকে।

Leave A Reply