Breaking

বটদ্ৰৱাত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিকতাবাদ পুনৰ উদ্ধাৰৰ সংকল্পৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ

0 1,383

বটদ্ৰৱা : বটদ্ৰৱা সমষ্টিত আঞ্চলিকতাবাদ অথবা জাতীয়তাবাদৰ কথা উত্থাপন হ’লেই প্ৰয়াত কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন চন্দ্ৰ বৰাৰ কথা ৰাইজৰ মনলৈ আহে। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ পৰবৰ্তী সময়ছোৱাত গঠিত অগপ দলৰ পৰা প্ৰতিদ্বণ্দীতা আগবঢ়ায় তেওঁ বটদ্ৰৱাত জাতীয়তবাদৰ বুনিয়াদ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল। অগপৰ উত্তৰণৰ বাবে দীগেন বৰাকে প্ৰমুখ্য কৰি অজস্ৰজন দলীয় নেতা কৰ্মীৰ ত্যাগ, কৰ্মনিষ্ঠা আৰু জাতীয়দায়বদ্ধতাক মই আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো – এই মন্তব্য অগপৰ মহিলা নেত্ৰী মামনি বৰাৰ। বটদ্ৰৱা সমষ্টিৰ অসম গন পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰয়াত কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন বৰাৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ লক্ষ্যৰে আগন্তুক নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ অগপয়ো টঙালি বান্ধিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰে বটদ্ৰৱা বিধান পৰিষদৰ সভানেত্ৰী মামনি। শ্বহীদ তৰ্পন কৰে অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফটিক চন্দ্ৰ বৰাই আৰু স্মৃতি তৰ্পন কৰে ক্ষীতেশ্বৰ বৰাই। ইয়াৰ পিছতে বটদ্ৰৱা বিধান পৰিষদৰ সাংগঠনিক সম্পাদক অভিজি দাসে আঁত ধৰা সভাত নিজ হাতিচোঙৰ জেষ্ঠ নাগৰিক যতীন বৰঠাকুৰ, দিলীপ দেৱ গোস্বামী, চাবুকধৰাৰ সুৰেন দেউৰজা, ভকতগাঁৱৰ নোমল ছন্দ্ৰ বৰা, ধনীয়াভেটিৰ আব্দুল ৰাজ্জাককে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী জেষ্ঠ নাগৰিকক বটদ্ৰৱা বিধান পৰিষদৰ তৰফৰ পৰা গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰৰে আদৰণি জনাই। সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অনন্ত ফুকন, বটদ্ৰৱা সমষ্টি সমিতিৰ সম্পাদক জগত বৰা, উপ-সভাপতি আনোৱাৰ হুছেইন, উন্তিৰাম দাস, দীনবন্ধু পাটৰকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply