Breaking

টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা

0 1,937

অনলাইন বাৰ্তা, ৩ ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত মণিকূট উদ্বোধন কৰাৰ লগতে গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ মৰিজাঁজী দ গাঁৱৰ ১২৫ বছৰীয়া নামঘৰটি সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এক পুৰণি ঐতিহাসিক নামঘৰ ।  এই নামঘৰত  অক্টোবৰ মাহত গাঁৱৰ সমূহ ৰাইজে আলোচনামৰ্মে নৱ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাকে প্ৰমুখ কৰি হীৰেন শৰ্মা(হিনমণী), ধ্ৰুৱজিৎ শৰ্মা(তুনু), ধ্ৰুৱজ্যোতি শৰ্মাক প্ৰায় এশজনীয়া এখন নিৰ্মাণ সমিতি গঠন কৰি এই দায়িত্ব অৰ্পণ কৰাৰ পাছত নামঘৰটো এক নতুন ৰূপত পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰে ।উল্লেখযোগ্য যে, ১২০ টা পৰিয়ালৰ লগতে কেইবাখনো গাঁৱৰ সামূহিক উপাসনাৰ স্থান এই নামঘৰত ৰাইজে সমূহীয়াভাবে সেৱা জনাই অনাগত দিনবোৰত সকলোৰে মাজত মিলাপ্ৰীতিৰ লগতে বিশ্বৰ পৰা সকলো অপায়-অমংগল দূৰ কৰিবলৈ প্ৰাৰ্থনা আগবঢ়ায় । অনুস্থানটিত ৰাইজৰ হৈ সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাৰ লগতে স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ হৈ সঞ্চালক বিজু কুমাৰ শৰ্মা, উপসভাপতি ৰুবুল চন্দ্ৰ বৰদলৈ আৰু উপদেষ্টা কৰ্কট ৰোগ বিশেষজ্ঞ ডঃ যদুনাথ বুঢ়াগোহাঁইয়ে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাপতি দিলীপ শৰ্মাৰ নেতৃত্বত নামঘৰভাগি সম্পূৰ্ণ হোৱাত তেখেতক দগাৱৰ যুৱ সমাজৰ লগতে ৰেঙণি এটি আশাৰ  সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ৰত্নাকৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰনৱ গোস্বামী, পুনীয়া সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰী শ্ৰী নিলমণি দেৱগোস্বামী, ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, সমাজকৰ্মী বিকাশ শইকীয়া, অসীম বৰুৱা, ডঃ যদুনাথ বুঢ়াগোহাঁই, সমাজসেৱীকা পল্লৱী গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে‌।

Leave A Reply