Breaking

পৰীক্ষা নে ভেকোভাওঁনা ?

0 1,247

চন্দন কুমাৰ নাথ

আজিৰ তাৰিখত এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ৰাজ্য চৰকাৰে কিয় কোনো এটা চৰকাৰী চাকৰিৰ পৰীক্ষা অতি সূচাৰুৰূপে তথা নিকাকৈ অনুষ্ঠিত কৰিব নোৱোৰে। ৰাজ্যত বসবাস কৰা শিক্ষিত যুৱক- যুৱতীক ৰাজ্য চৰকাৰে চাকৰিৰ নামত কিয় বাৰে বাৰে প্রতাৰণাৰ সৃষ্টি কৰি আছে। প্রতিজন শিক্ষিত নৱ প্রজন্মই অতি সুন্দৰকৈ নিজৰ নিজৰ ডিগ্রী অর্জন কৰাৰ পিছত এটাই সপোন মনত পুহি ৰাখে সেইটো হ’ল চৰকাৰী চাকৰি। সাধৰণতে একোজন পৰীক্ষাৰ্থীয়ে যেতিয়া চৰকাৰী চাকৰিৰ পৰীক্ষা দিবলৈ যায় তেতিয়া মনত আশা আকাংক্ষা বহুতো সজিব হৈ থাকে তাৰ পিছত যদি উক্ত পৰীক্ষাটোত বহাৰ লগে লগেই প্রশ্নকাকত ফাদিল হোৱাৰ খৱৰ আহি পৰে তেতিয়া সেই পৰীক্ষাৰ্থীজনৰ মনত ক্ষোভ বিৰাজমান হয় আৰু হোৱাটোও স্বাভাৱিক কিয়নো চৰকাৰী চাকৰিৰ পৰীক্ষাৰ নামত ৩-৪ মাহে দিন-ৰাতি একাকাৰ কৰি কঠোৰ অধ্যয়ন কৰাৰ কষ্ট একেদিনাই পানীত পৰি যোৱাৰ নিচিনাই প্রায় হয়। পৰীক্ষাৰ্থীজনৰ লগত কিন্তু আমাৰ অভিভাৱক সকলোৰো বহুত সপোন জড়িত হৈ থাকে আৰু যেতিয়া প্রশ্নকাকত ফাদিলৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হয়, তেতিয়া কিন্তু একো একোজন অভিভাৱকৰ হৃদয়ে কান্দি উঠে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে অসম লোকসভা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে গুৰুত্বপূৰ্ণ তথা প্রশংসনীয় ভুমিকা পালন কৰিছে তাত কোনো সন্দেহ নাই কিন্তু বাকীবোৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ ক্ষেত্রত যদি লোকসভা আয়োগৰ দৰেই নিকা পৰীক্ষাৰ আয়োজন কৰিলেহেতেঁন তেনেহ’লে আজিৰ তাৰিখত হয়তো ৰাজ্যত প্রশ্নকাকত ফাদিলৰ দৰে বিক্ষিপ্ত ঘটনা বৃদ্ধি নহ’লেহেতেন। উদাহৰণস্বৰূপে যদি চোৱা হয় তেনেহ’লে আপোনালোকে লক্ষ্য কৰিব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ আটাইতকৈ বেছি মহাবিদ্যালয় সংলগ্ন হৈ আছে আৰু সকলোবোৰ মহাবিদ্যালয়ত ডিগ্রীৰ পৰীক্ষাসমূহ অতি সূচাৰুৰূপে অনুষ্ঠিত হয়। এইটো হয় যে কোনো এটা বছৰত দুই এখন প্রশ্নকাকত ফাদিল হয় কিন্তু প্রতিবছৰে নহয়। এতিয়া মোৰ প্রশ্নটো হ’ল যে যদি একোখন বিশ্ববিদ্যালয়ে কমেও ৫০-৬০ হাজাৰ ছাত্র-ছাত্রীৰ পৰীক্ষা অতি সুন্দৰকৈ অনুষ্ঠিত কৰিব পাৰে তেনেহ’লে কিয় ৰাজ্য চৰকাৰে কোনো এটা চৰকাৰী চাকৰিৰ পৰীক্ষা নিকাকৈ অনুষ্ঠিত কৰিব নোৱোৰে? কিয় যেতিয়াই চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াই কেলেংকাৰী ঘটনা ৰচিত হয়? কিয় ৰাজ্যত বসবাস কৰা নিবনুৱা যুৱক-যুৱতীৰ জীৱনৰ লগত চৰকাৰী চাকৰিৰ নামত খেলা কৰি আছে? নে সকলোকে আত্মনিৰ্ভৰ হোৱাৰ ঢৌত ভাহি যাবলৈ দি আপোনালোকৰ চৰকাৰী চাকৰি দিয়াৰ কোনো বিশেষ উদ্দেশ্য নাই? বন বিভাগ, পঞ্চায়ত গ্রামোন্নয়ন, জলসিঞ্চন বিভাগকে আদি কৰি বৰ্তমানলৈকে যিমানবোৰ পৰীক্ষা অনুষ্ঠিত কৰিছে সকলোবোৰ পৰীক্ষাই এটা ৰূপে ধাৰণা কৰিছে সেয়া হ’ল – প্রথমে প্রশ্নকাকত ফাদিল আৰু তাৰ পিছত চৰকাৰে ঘোষণা কৰিব উচ্চ তদন্ত কমিটী গঠনৰ আৰু শেষত তদন্ত কিমান বছৰলৈকে চলি থাকে তাৰ কোনো নিশ্চয়তা নাই। তদন্ত কমিটী গঠন হোৱাৰ পিছত যদি পৰীক্ষাৰ প্রশ্নকাকত কেলেংকাৰী ঘটনাৰ সকলোবোৰ তথ্য পাবলৈ সক্ষম হয় তেনেহ’লে কিয় ৰাজ্য চৰকাৰে তেঁওলোকৰ চৰকাৰী ৱেবচাইটত চাৰ্জচিটখন ৰাইজৰ মাজলৈ প্রকাশ নকৰে? নে পৰীক্ষা অনুষ্ঠিত আপোনালোকেই কৰে বাবে প্রশ্নকাকত ফাদিলৰ দৰে ঘটনা আপোনালোকৰেই স্ব:ৰচিত নাটক সেয়া কিন্তু সন্দেহৰ আবৰ্তত বসবাস কৰিছে এতিয়া। যেতিয়াই সংবাদ মাধ্যমত আপোনালোকক চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ কথা উচ্চাৰণ কৰা হয় তেতিয়াই আপোনালোকে কেৱল লোকসভা আয়োগৰ পৰীক্ষাৰ উদাহৰণ দিয়ে। আমি সাধাৰণ জনতাই লোকসভা আয়োগৰ পৰীক্ষাক লৈ কৰা আপোনালোকৰ সকলোবোৰ কাম-কাজক লৈ অত্যন্ত সুখী কিন্তু বৰ্তমান আমি এটাই প্রশ্নৰ উত্তৰ বিচাৰো যে কিয় ৰাজ্য চৰকাৰে বাকীবোৰ চৰকাৰী চাকৰিৰ পৰীক্ষা এটা অতি নিকাকৈ অনুষ্ঠিত কৰিব নোৱোৰে? ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্র জড়িত হৈ আছে নেকি? ডাঙৰ ডাঙৰ নেতা-পালিনেতাৰ সহায়ৰ অবিহনে কেনেকৈ আৰু কোনে প্রশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰিবলৈ সাহস কৰিব পাৰে? ৰাজ্যত এতিয়া আগন্তুক আৰু বহুতো চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া আছে কিন্তু বৰ্তমান ৰাজ্যত বসবাস কৰা সকলোবোৰ পৰীক্ষাৰ্থীৰ মনত নিৰাশাই আৱৰি ধৰিছে কিয়নো চৰকাৰী চাকৰিৰ পৰীক্ষাৰ নামত একো একোজন পৰীক্ষাৰ্থীয়ে কেৱল প্রতাৰণাৰ সন্মুখীন হৈ আহিছে তাত কোনো সন্দেহ নাই আৰু সেয়েহে হয়তো প্রতিজন পৰীক্ষাৰ্থীয়ে এতিয়া নিজৰ নিজৰ জীৱনক লৈ হতাশাৰ মাজত বসবাস কৰিবলগীয়া হৈছে। গতিকে, ৰাজ্য চৰকাৰে আগন্তুক পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহ নিকা তথা সূচাৰুৰূপে অনুষ্ঠিত কৰিব বুলি আমি মনত আশা ৰাখিছো।

Leave A Reply