Breaking

পৰীক্ষাক লৈ নহ’ল চৰ্চা : পুতলাক লৈ চৰ্চাত প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰাহুল গান্ধীৰ

0 1,333

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ পুতলা খেলা সামগ্ৰীৰ বজাৰ কাৰ্যত একচেটিয়া দখল চীনৰ ৷ কিন্তু ভাৰত কাৰ্যত উল্লেখ কৰাৰ দৰে ঠাই নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতলা বজাৰত দেশীয় উদ্যোগপতিৰ অধিক অংশ লোৱাৰ আহ্বান জনোৱাৰ কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে৷ প্ৰাক্তন কংগ্ৰেছ সভাপতিয়ে মত, ছাত্ৰ-ছাত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ চাইছেনে ৷ প্ৰধানমন্ত্ৰীয়ে কৰিছে ‘পুতলা পে চৰ্চা’ ৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ মাজতে ১ ছেপ্টেম্বৰত নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট (নিট) আৰু জয়েণ্ট এণ্ট্ৰেন্স এগজাম (জেইই) পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ কিন্তু এই পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হৈছে ছাত্ৰ আৰু শিক্ষক-শিক্ষাবিদৰ মাজত ৷ ৰাজনৈতিকভাৱে প্ৰতিবাদৰ লগতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ, তৃণমূলসহ বিৰোধী দলবোৰ ৷ ইয়াৰ মাজতে দেওবাৰে মাহেকীয়া ‘মন কি বাত’ অনুষ্ঠানত বক্তৃতা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কিন্তু তেওঁৰ সেই বক্তৃতাত শিক্ষাৰ্থীৰ এই উদ্বেগৰ বিষয়টো এইবাৰ উল্লেখ নকৰিলে ৷ কিন্তু বিশ্বত পুতলা বজাৰত ভাৰতীয়ৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায় ৷ মোডীৰ সেই বক্তব্যৰ পাচত ৰাহুল গান্ধীয়ে টুইট কৰি কয়, নিট-জেইই পৰীক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত ‘পৰীক্ষা পে চৰ্চা’ বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰিলে ‘পুতলা পে চৰ্চা’ ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অন্যতম কৰ্মসূচী আছিল ‘চায়ে পে চৰ্চা’ ৷ নিট-জেইই লৈ শুকুৰবাৰে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে ৷

Leave A Reply