Breaking

বিধায়ক দেৱব্ৰত শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস

0 2,043

আজি নাজিৰাস্হিত “প্ৰৱাহ”ৰ ন – কপহুৱা সাংস্কৃতিক প্ৰকল্পত প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়, নাজিৰা শিক্ষাখণ্ড, মহকুমা প্ৰশাসন, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত প্ৰৱাহ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত নাজিৰা সমষ্টি বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ দ্বাৰা দুদিনীয়া প্ৰাথমিক শিক্ষক কৰ্মশালা প্ৰদান অনুষ্ঠান আয়োজন কৰে । বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে নাজিৰা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ উপস্হিতিত কণ কণ শিক্ষাৰ্থীৰ যাদু প্ৰদৰ্শন অনুষ্ঠানৰ মাজেৰে এই কৰ্মশালা আৰম্ভ হয়।
যিহেতু কৰ’না মহামাৰীৰ দুটাকৈ ঢৌয়ে সমগ্ৰ দেশ জোকাৰি যোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাত যথেষ্ট ক্ষতিসাধন হৈছে । প্ৰায় ৩৪ টা মাহে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলো পাঠ্যক্ৰমৰ পৰা আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান কৰণা পৰিস্হিতি কিছু সাম কটাৰ লগে লগে শিক্ষানুষ্ঠানবোৰত ও পাঠদান আৰম্ভ হৈছে । দুটা বছৰে যিহেতু শিক্ষকসকল পাঠদানৰ পৰা আঁতৰি আছিল সেয়ে তেওঁ লোকে পুনৰ কিদৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব ইয়াৰে এটা আভাস দিবৰ বাবে আজি বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াৰ একক প্ৰচেষ্টাত দুদিনীয়াকৈ প্ৰাথমিক শিক্ষক কৰ্মশালা আয়োজন কৰে ।এই কৰ্মশালাত নাজিৰা সমষ্টিৰ অন্তৰ্গত সকলো বিদ্যালয়ৰে শিক্ষকসকলক উপস্হিত থকা দেখিবলৈ পোৱা যায় । এই শিক্ষকসকলক প্ৰশিক্ষণ অনুষ্ঠান প্ৰথম নামৰ এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা কৰ্মশালা প্ৰদান কৰি থকা হৈছে ।

Leave A Reply