Breaking

নগৰবেৰাত একাংশ উদ্দ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা

0 1,526

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ একাংশ উদ্দ্যমী যুৱকৰ ব্যতিক্রমী পদক্ষেপ। অঞ্চলটোৰ মুঠ তিনিখনকৈ গাঁৱৰ ৰাইজে মিলি ৰুবলৈ লৈছে মুঠ ২০০ বিঘা মাটিত শালিধান। অঞ্চলটোৰ ক্ৰমে দোকুচি, পুখুৰীপাৰা আৰু পিজুপাৰা গাঁৱৰ ৰাইজে মিলি  টঙালি বান্ধিছে শালিধানৰ খেতিৰ বাবে।শুক্ৰবাৰে গাঁও সমূহৰ পুৰুষ-মহিলা সকলোৱে পথাৰত প্ৰস্তুত কৰা বোকাত ৰুবলৈ ধৰিছে শালিধানৰ কঠিয়া। হালোৱা, ৰোৱনী সকলো ব্যস্ত হৈ পৰিছে পথাৰৰ কামত, শুক্ৰবাৰে শুভ ক্ষণ চাই ভুমি পূজনৰ পাছত মাংগলিক আয়োজনেৰে শুভাৰম্ভ কৰে ভূই ৰোৱা পৰ্ব। ৰোৱনীবোৰে হাতত মুঠি মুঠি কঠিয়া ল’ই মনৰ উলাহত জাউৰিয়ে জাউৰিয়ে বিহু গীত গাই ভূই ৰুৱাৰ পৰিলক্ষিত হৈছে পথৰত। ইয়াৰ উপৰিওঁ স্থানীয় একাংশ মুখিয়াল মানুহক আমন্ত্ৰণ কৰি সম্বৰ্ধনাও যাঁচে উদ্যোক্তা সকলে। বান অধ্যুষিত অঞ্চলটোৰ যুৱক বৃন্দই সন্মিলিত প্ৰচেষ্টাৰে হাতত লোৱা এনে পদক্ষেপে সকলোৰে মনলৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। চৰকাৰৰ কৃষি বিভাগলৈ যাৱতীয় দিহা-পৰামৰ্শৰ লগতে এই বহল পৰিসৰৰ কৃষিকাৰ্যত সৰ্বতোপ্ৰকাৰে সহায় পোৱাৰ কামনা কৰিছে উদ্যমী যুৱ কৃষক সকলে। যুৱক সকলৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে সকলোৱে ,শুক্ৰবাৰে  স্থানীয় একাংশক পথাৰলৈ আমন্ত্ৰণ কৰি সম্বৰ্ধনাও যাঁচে উদ্যোক্তা সকলে।

Leave A Reply