ভয়াবহ কৰ’না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই অফুৰন্ত সময় অতিবাহিত কৰিছে বিদ্যালয় পৰ্যায়ৰ কণ কণ ছাত্র – ছাত্ৰী সকলে । নিজ গৃহতেই বন্দী হৈ কোনোবাই যদি লুডু – কেৰম আদি খেলত ব্যস্ত হৈ পৰিছে আন কোনোবাই আকৌ ছবি আঁকি – টি ভি চাই সময় পাৰ কৰিছে । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ কেইজনমান শিশুৱে বিভিন্ন ধৰণৰ ঘৰৰ নক্সা বনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা চেইণ্ট ক্লাৰেট স্কুল আৰু চেইণ্ট যোচেফ স্কুলৰ কেইজনমান কণ কণ ছাত্র – ছাত্ৰীয়ে বিদ্যালয় বন্ধ আৰু অনলাইন পাঠদানৰ মাজতেই সাজি উলিয়াইছে ঘৰৰ কেবাটাও আকৰ্ষণীয় নক্সা । আজাৰা চেইণ্ট ক্লাৰেট স্কুলৰ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দৃষ্টি শৰ্মা , চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে কৃশানকু কলিতা আৰু প্ৰিয়াংশু দাস , প্ৰথম শ্ৰেণীৰ ছাত্ৰী ধৃতি শৰ্মা আৰু চেইণ্ট যোচেফ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ অৰ্ণব নাথে বিভিন্ন আৰ্হিৰ ঘৰ সাজি বিদ্যালয় বন্ধৰ সময় পাৰ কৰিছে । আনহাতে বিদ্যালয় বন্ধৰ সময়ত গৃহকৰ্মৰ ভিত্তিত অনুষ্ঠিত এক প্ৰতিযোগিতাত ধৃতি শৰ্মাই প্ৰথম , দৃষ্টি শৰ্মাই দ্বিতীয় , অৰ্ণব নাথে তৃতীয় , কৃশানকু কলিতাই চতুৰ্থ আৰু প্ৰিয়াংশু দাসে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় । কণ কণ ছাত্র – ছাত্ৰী সকলৰ এনে নিপুনতাক সকলোৱে প্ৰশংসা কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য
- ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান
- ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস
- দৈ-কিচমিচ খালে পাচনতন্ত্ৰৰ সমস্যা কমে! কৰীনাৰ পুষ্টি বিশেষজ্ঞই ক’লে দৈ-কিচমিচৰ উপকাৰিতাৰ বিষয়ে…
- অটো-ব্ৰুৱেৰী চিণ্ড্ৰোমঃ বেলজিয়ামৰ এজন লোকৰ দেহত নিজে নিজে উৎপাদন হয় সুৰা!
- ‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…
- অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ২৬ এপ্ৰিলত অসমৰ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…
- জাতিগত লোকপিয়ল মোৰ জীৱনৰ মিছন ! কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’লে কোনো শক্তিয়ে ইয়াক বন্ধ কৰিব নোৱাৰে: ৰাহুল গান্ধী…
- হঠাৎ ধোনীৰ খং ! কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে , ভাইৰেল হৈ পৰিল ভিডিঅ’…