Breaking

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু এজন কৰ্মচাৰী ।

0 665

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ’এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত কৰ্মচাৰীজনৰ নাম পবিত্ৰ বৰা। পবিত্ৰ বৰা ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে। ডি এছ এ ৰ অ’এন জি চিৰ কলনিৰ কোৱাৰেণ্টইন চেণ্টাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক  প্ৰৱেশত বাধা প্ৰদান কৰে অ’এন জি চি নিৰাপত্তাৰক্ষীয়ে। অ’এন জি চিৰ গাফিলতিৰ বাবেই কোৱাৰেণ্টইন শিৱিৰত এইদৰে বিদ্যুৎপিষ্ট হৈ থিতাতে মৃত্যুক সাবটিলে ঠিকাভিত্তিক কৰ্মচাৰী পবিত্ৰ বৰাই। মৃত পবিত্ৰ বৰাই কোৱাৰেণ্টইন শিৱিৰত ৰোগীৰ খাদ্য যোগানৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্ব পালন কৰি আহিছিল। ঘটনাৰ খবৰ পাই গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বৰাৰ মৃতদেহ জীম্মাত লয় আৰু আজি শিৱসাগৰ জিলা অসামৰিক চিকিৎসাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave A Reply