Breaking

কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…

0 40

গোৱালপাৰা জিলাৰ জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছলেমান আলী আহমেদক  দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা এক জনোৱা হয় সম্বৰ্ধনা। উল্লেখ্য যে দৈনন্দিন বাৰ্তা, আলোকপ্ৰভোঞ্জন ৱেলফেয়াৰ চ’ছাইটি আৰু দ্য আসাম ৰাইজিং কাকতৰ ১৪ বছৰীয়া গৌৰৱোজ্জল ক্ষণত কাকত গোষ্ঠীটোৱে কাকতখনক চিৰঞ্জীৱী কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে  দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে আলোকপ্ৰভোঞ্জন আৰু দ্য আসাম ৰাইজিং ডেৰ লক্ষ ব্যক্তিৰ হাতত তুলি দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস পৰিলক্ষিত হৈছে।


এই উপলক্ষে সংবাদ গোষ্ঠীটোৱে ঘৰ ঘৰ দৈনন্দিন বাৰ্তা, ঘৰ ঘৰ আলোকপ্ৰভোঞ্জন আৰু দ্য আসাম ৰাইজিং বাতৰি কাকতৰ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সমাজৰ বিভিন্ন পৰ্যায়ৰ একাংশ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস চলায়। কাকত গোষ্ঠীৰ এই প্ৰয়াসৰ মাজতে গোৱালপাৰা জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছলেমান আলী আহমেদক  দৈনন্দিন বাৰ্তা কাকতৰ গোৱালপাৰাৰ সাংবাদিক নেকিবুৰ জামানৰ তৎপৰতাত গোৱালপাৰা চহৰৰ কেবাগৰাকীকৈ সচেতন নাগৰিকৰে উপস্থিত সম্বৰ্ধনা জনোৱা হয়। বিষয়া গৰাকীক,গামোচা, মানপত্ৰ আৰু তিনিওখন বাতৰি কাকতেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিষয়া গৰাকীয়ে  কাকত গোষ্ঠীটোক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন লগতে কাকত গোষ্ঠীৰ চিৰঞ্জীৱী হোৱাৰ কামনা কৰে। তদুপৰি তেও কয় যে এনে  সম্বৰ্ধনাই আগন্তক দিনত সাংবাদিকতা বৃত্তিৰে সমাজৰ সেৱা কৰাৰ ক্ষেত্ৰত আৰু অধিক নিষ্ঠা, সততা দায়িত্ববোধৰ বিষয়ে সচেতন হোৱাৰ অনুপ্ৰেৰণা যোগাব।

Leave A Reply