Breaking

বঙাইগাঁও জিলা বিজেপিৰ নটা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা

0 2,030

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ন টা মণ্ডলৰ প্ৰত্যোকটোতে সোমবাৰে মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ইয়াৰে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰৰ শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা  শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকী সোমবাৰে বঙইগাঁও জিলাৰ টুলুঙীয়াস্থিতপণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ বিজ্ঞান শাখা শুভাৰম্ভৰ উদ্দেশ্যে জিলাখনত উপস্থিত হৈছিল ৷ মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সৈতে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ দলীয় কৰ্মীসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে মণ্ডলসমূহৰ কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ লগতে জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস , জিলাৰ সহ প্ৰভাৰী ৰঞ্জন বৰা , জিলা বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰৰ উপৰিও মণ্ডল সভাপতিসকল , মণ্ডল প্ৰভাৰীসকল তথা মণ্ডল কাৰ্যনিৰ্বাহক সদস্য- সদস্যাসকল উপস্থিত থাকে ৷ 

Leave A Reply