Breaking

ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সভা

0 32

ছিপাঝাৰ কলেজ আছু গোট গঠনৰ উদ্দেশ্যে কালি ছিপাঝাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত ছিপাঝাৰ মহাবিদ্যালয় আছু গোট গঠন কৰা হয়।ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি লক্ষীনন্দন বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত  সভাৰ আত ধৰে সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে। উক্ত সভাত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্র সন্থাৰ বিত্ত সম্পাদক হৃদয় বৰুৱা, মঙলদৈ মহকুমা ছাত্র সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়াৰ লগতে ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সদস্য সকল ।উক্ত সভাই সীমান্ত কলিতাক সভাপতি, পীয়ুষ কান্তিক সাধাৰণ সম্পাদক, লভিতা কলিতাক উপসভানেত্ৰী, হীৰক জ্যোতি নাথক সহকাৰী সাধাৰণ সম্পাদক, ৰঞ্জন নাথক বিত্ত সম্পাদক, অনন্যা বৰুৱাক সাংস্কৃতিক সম্পাদিকা, শশাংক নাথক ক্ৰীড়া সম্পাদক,জ্যোতিষ্মান নাথক প্ৰচাৰ সম্পাদক, সুৰজিত বৰুৱাক তথ্য সম্পাদক, মোজাহিদুল ইছলামক সাহিত্য সম্পাদক, চিৰঞ্জীৱ চহৰীয়াক কাৰ্যালয় সম্পাদক, ৰাতুল চহৰীয়াক শিক্ষা সম্পাদক,ইজাজ আহমেদ আৰু প্ৰণৱজ্যোতি শৰ্মাক সাংগঠনিক সম্পাদক হিচাপে নৱনির্বাচিত কৰে।

Leave A Reply