Breaking

উন্মোচিত হ’ল নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰ

0 1,045

গহপুৰৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম নিৰপেক্ষ গহপুৰৰ‌ বাৰ্ষিক কেলেণ্ডাৰখনি যোৱা ২২ জানুৱাৰী তাৰিখে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ডিজিটেল চেমিনাৰ হলত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। উন্মোচনী ভাষণ প্ৰসংগত বিধায়ক বৰাই উল্লেখ কৰে যে ২০১৭ চনতে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটোৰ লগত তেওঁ নিবিড়ভাৱে জড়িত হৈ আহিছে। নিৰপেক্ষ গহপুৰৰ গহপুৰৰ সামাজিক-বৌদ্ধিক ক্ষেত্ৰ খনলৈ থকা দায়িত্ববোধ আৰু কৰ্তব্যবোধৰো তেওঁ শলাগ লয়। তদুপৰি তেওঁ এই বৰ্ষৰ নিৰপেক্ষ গহপুৰৰ দ্বাৰা প্ৰকাশিত কেলেণ্ডাৰ খনিৰ বিষয়বস্তু সম্পৰ্কটো বিশেষ মন্তব্য প্ৰদান কৰে।

এই বৰ্ষৰ কেলেণ্ডাৰ খনিৰ মূল বিষয়বস্তু আছিল গহপুৰ মহকুমাৰ এখন ভৌগোলিক মানচিত্ৰ আৰু ৪২ৰ গণ আন্দোলনৰ সময়ৰ ঐতিহ্যমণ্ডিত গহপুৰ আৰক্ষী থানা। এই বিষয়বস্তু গহপুৰৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই উঠি অহা প্ৰজন্মক দেশপ্ৰেম আৰু ইতিহাস সম্পৰ্কে শিকাব বুলিও বিধায়ক বৰাই উল্লেখ কৰে। এই সভাতে পোনপ্ৰথমবাৰৰ বাবে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা দেৱে গহপুৰ সমষ্টিৰ সাংবাদিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণৰ বাবে এটা সংবাদসেৱী সকলৰ বাবে স্থায়ী ভৱন নিৰ্মাণ আৰু তাৰ বাবে বিভাগীয় ভূমি আবণ্টনৰ কাম কাজ সমূহ কৰা হব বুলি এক বৃহৎ ঘোষণা কৰে। তদুপৰি তেওঁ,সাংবাদিক আৰু সুস্থ গণতন্ত্ৰৰ সম্পৰ্কত নিজৰ মন্তব্য দিয়ে। বিধায়ক গৰাকীৰ এই ঘোষণাই গহপুৰৰ সাংবাদিক সকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

 
 উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গহপুৰ মহকুমাৰ মহকুমাধিপতি দিপন বৰ্মন(ACS) । মহকুমাধিপতিয়ে তেওঁ ভাষণ প্ৰসংগত নিৰপেক্ষ গহপুৰলৈ শুভেচ্ছা জনোৱা লগতে সমাজৰ হৈ বিভিন্ন গঠনমূলক কাম কাজ কৰি যাবলৈ উৎসাহিত কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনৰে শুভৰাম্ভণি কৰা হয়, বন্তি প্ৰজ্বলন কৰে গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াই। সভাত ভাষণ ৰাখি গহপুৰ জিলা সাংবাদিক সন্থাৰ সহকাৰী সভাপতি তথা নিউজ লাইভৰ গহপুৰৰ স্থানীয় সংবাদদাতা নৱজিৎ শইকীয়াই নিৰপেক্ষ গহপুৰৰ জন্ম কাহিনীৰ স্মৃতি আওঁৰাই নষ্টালজিক হৈ পৰে। নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱাই আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰপেক্ষ গহপুৰৰ সঞ্চালক বিপ্লৱ নেওগে।

উক্ত উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, নিৰপেক্ষ গহপুৰৰ‌ উপদেষ্টা যাদৱ চলিহা, সিদ্ধেশ্বৰ হাজৰিকা লগতে গহপুৰৰ সাংবাদিক সকল ক্ৰমে বিশ্ব জ্যোতি সেনাপতি, অৰূপ মহন্ত,অমৰ বৰা, পলাশ ফুকন, সমিৰণ বৰা উপস্থিত আৰু বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকল। উক্ত সভাখনৰ‌ শলাগৰ শৰাই আগবঢ়ায় নিৰপেক্ষ গহপুৰৰ‌ প্ৰতিস্থাপক মূখ্য প্ৰশাসক পৰাশ শইকীয়াই। সভাত নিৰপেক্ষ গহপুৰৰ পলাশ জ্যোতি চলিহাকে আদি কৰি নিপনজ্যোতি বৰা, ৰবীন নেওগ, পবন নেওগ কে আদি কৰি কেইবাগৰাকীও নিৰপেক্ষ গহপুৰৰ বিষয় ববীয়া উপস্থিত থাকে ।

Leave A Reply