Breaking

সৰ্থেবাৰীৰ আমৃখোৱা গাওঁলৈ সেৱাৰ সম্প্ৰসাৰণ

0 2,041

 দেশৰ বিভিন্ন প্ৰান্তৰ অৰ্থ-সামাজিক, স্বাস্থ্য- সেৱা আদি জনকল্যাণ মূলক কামৰ সৈতে জড়িত দেশৰ এক আগ-শৰীৰ বেচৰকাৰী সংস্থা “Srijan Ek Soch”ৰ  বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অমৃখোৱা গাঁওত আজি আৰ্থ-সামাজিক উন্নয়ন কেন্দ্ৰ এটা স্থাপন কৰা হয় । সেই উদ্দেশ্যেৰে সৰ্থেবাৰীৰ আমৃখোৱা গাঁওত আজি উপস্থিত হয় সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰভাত চেকসেনা আৰু আমেৰিকা নিবাসী বিশিষ্ট অভিযন্তা তথা আমৃখোৱা গাঁওৰ সন্তান ভাবেশ ডেকা । সৰ্থেবাৰীৰ আমৃখোৱাত উপস্থিত হৈ সংস্থাটোৰ বিষয়াদ্বয়ে গাঁওখন পৰিদৰ্শন কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে এই সন্থাটোৰ লগত জড়িত স্বেচ্ছাসেৱক সকলৰৰ লগত এক আলোচনাত মিলিত হয় । আলোচনা সভাৰ শেষত প্ৰভাত চেকসেনাই সংবাদ মাধ্যমৰ আগত শিক্ষাৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰটো বিভিন্ন কাম কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে । একেদৰে দক্ষতা বিকাশৰ ক্ষেত্ৰতো স্থানীয় যুৱক-যুৱতীসকলক বিভিন্ন বৃত্তিগত শিক্ষা দিয়াৰ বাবেও সংস্থাটোৱে কাম কৰি যোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে । আমৃখোৱা গাঁওত উপস্থিত হোৱাৰ পূৰ্বে প্ৰভাত চেকসেনাৰ নেতৃত্বত সংস্থাটোৰ এটা প্ৰতিনিধি দলে বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত তেজ প্ৰসাদ ভূষালক সাক্ষাৎ কৰি এই বিষয় সমূহৰ ওপৰত আলোচনা কৰে ।

Leave A Reply