Breaking

বৰশিল আশ্ৰমত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি…

0 37

কামৰূপ জিলাৰ চাংসাৰিৰ নিকটবৰ্তী বৰগাঁৱৰ ঐশ্বৰিক গুণ গৰিমাৰে সমৃদ্ধ বৰশিল আশ্ৰম প্ৰাংগনত বৰগাঁও আৰু নিকটবৰ্তী আঞ্চলিক ভক্ত প্ৰাণ ৰাইজে মিলি অহা মাৰ্চ মাহৰ ২৪,২৫ আৰু ২৬ তাৰিখ ৰবিবাৰ , সোমবাৰ আৰু মঙ্গল বাৰে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮১ তম বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আয়োজন কৰিছে ।দৌল মহোৎসৱ নিয়াৰিকৈ চলোৱাৰ বাবে কান্তিৰাম দাস ক সভাপতি ,দেবেন চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি , বনমালী বৈশ্য,প্ৰভাত বৰা আৰু যাদৱ বৰুৱাক উপ – সভাপতিত্ৰয়, নৃপেন ডেকাক সাধাৰণ সম্পাদক, গিৰিধৰ ডেকা , বলোৰাম বৈশ্য ,দিলীপ কৈৱৰ্ত আৰু কমল কৃষ্ণ ডেকাক সহ: সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে ।

২৪ মাৰ্চৰ কাৰ্যসূচী ক্ৰমে ৰাতিপুৱা ৬-৩০ বজাত পৰিবেশ নিকা কৰণ ,ৰাতিপুৱা ৮-০০ বজাত শ্ৰী শ্ৰী বৰশিল আশ্ৰমৰ পতাকা উত্তোলন ,ৰাতিপুৱা ৮-৩০ বজাত মুখ্যদ্বাৰ উন্মোচন , ৯-০০ বজাত তোৰণ উন্মোচন ,ৰাতিপুৱা ১০-০০ বজাত স্মৃতি তৰ্পণ ,ৰাতিপুৱা -১১.০০ বজাত বৃক্ষ ৰোপন ,সন্ধিয়া ৬-০০ বজাত বন্তি প্ৰজ্বলন,সন্ধিয়া ৬-৩০ বজাত মেষদাহন,সন্ধিয়া ৭-০০ বজাত আৰিয়া প্ৰজ্বলন ও প্ৰজ্বলন ,নিশা -৯-০০ বজাত সম্বৰ্ধনা অনুষ্ঠান ,নিশা ১০-০o বজাত সাংস্কৃতিক মঞ্চ উদ্বোধনৰ পিছতে ৰাজ গুৰু মিনি থিয়েতাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হব ।২৫ মাৰ্চৰ কাৰ্যসূচী ক্ৰমে ৰাতিপুৱা ৬-০০ বজাত পৰিবেশ নিকাকৰণ ,ৰাতিপুৱা ৬-৩০ বজাত পূজা আৰম্ভ ,ৰাতিপুৱা ৯-৩০ বজাত হৰে কৃষ্ণ নাম কীৰ্তন ,ৰাতিপুৱা ১০ -৩০ বজাত আয়তিৰ নাম ,দিনৰ ১১-৩০ বজাত ধৰ্মধবজা উত্তোলন, দুপৰীয়া ১২-০০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা হলী গীত পৰিৱেশন ,দিনৰ ১-০০ বজাত হোম পুষ্পঞ্জলী প্ৰদান, সন্ধিয়া ৭-০০ বজাত নাগাৰা নাম পৰিৱেশন।

২৬ মাৰ্চ তাৰিখে ৰাতিপুৱা ৮-০o বজাত ফাকুৱা খেল আৰম্ভ ,ৰাতিপুৱা ১১-০০ বজাত পদুলিয়ে পদুলীয়ে গোঁসাই ভ্ৰমন ,আবেলি ৪-০০ বজাত মন্দিৰত গোঁসাই স্থাপন আৰু হৰেকৃষ্ণ নাম কীৰ্তনৰ দ্বাৰা দৌল মহোৎসৱৰ সামৰণি ।সমূহ কাৰ্য সূচিত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন কমিটীয়ে।

Leave A Reply