Breaking

গোলাঘাটত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি

0 21

শৰৎ আহিল শেৱালিৰ পাতত/শৰৎ আহিল পখীৰ মাতত।শেৱালিৰ সুৱাসে  শৰতৰ আগমনৰ বতৰা দিয়াৰ লগে লগে  শাৰদীয় দূৰ্গোৎসৱৰ বতৰাই মানুহৰ মন উৎফুল্লিত কৰি তুলিছে । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটতো কভিড নীতি নিয়ম মানি  ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গোৎসৱৰ । গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ মৃৎ শিয়ল্পীয়ে দূৰ্গা প্ৰতিমাত ৰঙ তুলিকাৰে আটক ধুনীয়া কৰি তুলিছে । শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা সমূহ । মা দূৰ্গাক জীৱন্ত ৰূপ দিবলৈ দিনে নিশাই কষ্ট কৰিছে এই সকল মৃৎ শিল্পীয়ে । বহু অভাৱ অভিযোগ সমস্যাৰ মাজেৰে এই সকল শিল্পীয়ে যুগ যুগ ধৰি জীয়াই ৰাখিছে তেওঁলোকৰ পৰম্পৰা । পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই এই পৰিয়াল সমূহ ব্যস্ত হৈ আহিছে যদিও তেওঁলোকে পৰিয়াল পোহ পাল দিয়াত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে । মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ । ৰঙকে ধৰি যাবতীয় সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাব ধৰিছে । সেই অনুসৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে এওঁলোক ।  সেয়ে এই মৃন্ময় শিল্পী সকলৰ আহবান চৰকাৰেই হওঁক বা পূজা সমিতিয়েই হওঁক এওঁলোকৰ কষ্টৰ বিনিময় লাভৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়াই ।

Leave A Reply