Breaking

অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশনৰ ব্যাপক প্ৰস্তুতি

0 144

অসম চৰ চাপৰি সাহিত্য মঞ্চৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত  অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্য অধিবেশন খনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নবীৰ হুছেইনক সভাপতি, তমেজ উদ্দিন আকন্দক কাৰ্যকৰী সভাপতি, সাবান আলী আহমেদক সম্পাদক আৰু আব্দুছ ছালামক সহকাৰী সম্পাদক হিচাপে লৈ মূল আদৰণি সমিতিৰ লগতে কেবাটা উপ-সমিতি গঠন কৰা হৈছে। তদুপৰি অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশন উপলক্ষে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশৰ পূৰ্ণপ্ৰস্তুতি চলোৱা হৈছে। যোৱা ৩ নবেম্বৰত আদৰণি সমিতিৰ সভাপতি নবীৰ হুছেইনৰ সভাপতিত্বত উক্ত অধিবেশনৰ প্ৰস্তুতি এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত সংগঠনটোৰ জিলা সভাপতি মজনুৰ ৰহমান, সম্পাদক ফজলুৰ ৰহমান, খোলাবান্ধা হাই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হাছেন আলী, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আবু আয়ুব আহমেদ, খোলাবান্ধা হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল কাদেৰ, মগ্ৰব আলী, আকন্দ স্বাহজাহান আলী, ছাইফুল ইছলাম আদিৰ লগতে অঞ্চলটোৰ একাংশ গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply