Breaking

কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।

0 859

কলিয়াবৰ : এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত। নগাঁও জিলাৰ কলিয়াবৰতো লুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলী অঞ্চলৰ বহুকেইখন গাঁও। গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীত এইবাৰ তাণ্ডৱ। জলমগ্ন কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল। বৰলুইতৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দুই নম্বৰ, তিনি নম্বৰ, এক নম্বৰ, সাত নম্বৰ বৰঘূলিৰ  প্ৰায় আশী শতাংশ এলেকা। বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ। নষ্ট হৈছে আহু ধান, মৰাপাট, শাক-পাচলি। মানুহ, পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিত। জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে একাংশ বানাক্ৰান্ত ৰাইজ।

Leave A Reply