Breaking

বৰ্হি:ৰাজ্যৰ পৰা অহা লোকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান::আমছু

0 49

খাৰুপেটীয়া

 সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ “আমছু”ৰ দৰং জিলা সমিতিৰ সভাপতি আলেপ উদ্দিনে দিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনায় যে সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰি আহিছে। এই “কৰোণা ভাইৰাছ”ৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰে লকডাউন ঘোষণা কৰিছে। বৰ্তমান ৪.০ লকডাউন চলি আছে। এই সময়তে অসমৰ পৰা বহি:ৰাজ্যলৈ কৰ্মসূত্ৰে আৰু অধ্যয়ন কৰিবলৈ যোৱা লোকসকলক স্ব-গৃহলৈ অহাৰ বাবে চৰকাৰে অনুমতি দিছে। লগতে তেখেত সকলৰ বাবে স্বাস্থ্য বিভাগে কিছুমান নীতি নিয়ম অৱলম্বন কৰিছে। কিন্তু এইক্ষেত্ৰত কিছু লোকে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিয়ম নীতি সমূহ অৱজ্ঞা কৰা দেখা যায়। যাৰ ফলস্বৰূপে তেওঁৰ নিজৰ লগতে পৰিয়াল আৰু অঞ্চলবাসীক বিপদৰ দিশে ঠেলি দিবলৈ চেষ্টা কৰি আছে। বহি:ৰাজ্যৰ পৰা অহা লোকসকলে সম্পূৰ্ণৰূপে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি স্বাস্থ্য পৰীক্ষা কৰাই লবলৈ আহ্বান জনাইছে দৰঙ জিলা আমছুৰ সভাপতি গৰাকীয়ে।কিছুমান লোকে দৰং জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত নিদিষ্ট সময়ৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিয়ম নীতিত কোৱাৰেণ্টাইনত ৰাখিছে, তেওঁলোককো স্বাস্থ্য বিভাগক সহায় সহযোগ কৰিবলৈ  আহ্বান জনাইছে। আনহাতে যিসকল লোকে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিয়ম ভংগ কৰি দৰঙ জিলালৈ বিপদ মাতি আনিলে তেওঁলোকক আইনগত ব্যৱস্থা লবলৈ দাবী জনাইছে আমছুৱে। দৰং জিলাৰ সকলো দল সংগঠন আৰু সমাজ সচেতন ব্যক্তিসকলক আহ্বান জনায় যে নিজৰ নিজৰ এলেকাত যদি কোনো লোক বহি:ৰাজ্যৰ পৰা আহিছে তেনেহলে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ অথবা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰাবলৈ আহ্বান জনায় দৰঙ জিলা আমছুৰ সভাপতি আলেপ উদ্দিনে।

Leave A Reply