Breaking

নাজিৰাত উন্নয়ণৰ নামত চৰম অৰাজগতা : নামতোলাত আধাৰশিলা স্থাপন বিধায়িকা নৱনীতা সন্দিকৈৰ

0 1,280

গেলেকী : নাজিৰা মহকুমা নাতিদূৰৈৰ নামতোলাত চৰকাৰী আঁচনিৰ ব্যাপক প্ৰভাৱ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে ১৯ ছেপ্তেম্বৰৰ দিনা নিজা বিধায়ক পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’ব লগা টাওকাক পঞ্চায়তৰ অন্তৰ্গত নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ চাৰি সীমাৰ দেৱাল, নামতোলা যুৱ সংঘৰ গৃহ আৰু মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’ব লগা হাতীকেম্প স্বৰ্গীয় বগাধৰ গগৈ ঘাটৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিধায়িকা সন্দিকৈৰ সৈতে উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সদস্য বিটু মিত্ৰ আৰু টাওকাক পঞ্চায়তৰ সভানেত্ৰী নিতুমণি প্ৰধান। উল্লেখ্য যে নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণৰ বাবে মুঠ চাৰি লাখ, নামতোলা যুৱ সংঘৰ গৃহ নিৰ্মাণৰ বাবে মুঠ দুই লাখ পঞ্চাশ হাজাৰ আৰু হাতীকেম্প স্বৰ্গীয় বগাধৰ গগৈ ঘাটৰ নিৰ্মাণৰ বাবে মুঠ বাৰ লাখ টকা আবন্টন দিছে বিধায়িকা গৰাকীয়ে। আনহাতে কংগ্ৰেছৰ দখলত থকা চুবুৰীয়া নাজিৰা সমষ্টি উন্নয়নৰ নামত চৰম অৰাজগতাই বিৰাজ কৰিছে।

Leave A Reply