Breaking

বানৰ পাছত উৎকট গৰম : নাজিৰা, জয়সাগৰৰ দিখৌ নদীত নামি জীৱ কুলৰ বিননি

0 1,289

গেলেকী : সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা, জয়সাগৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বানৰ পাছত উৎকট গৰম। ক’ৰনা, বানৰ পাছতে উৎকট গৰমে জন-জীৱনলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। বিগত দুমাহ ধৰি ৰাজ্যৰ ৩৩ খন জিলাৰ ২৫ খনতকৈয়ো অধিক জিলাত বানে তাণ্ডৱ চলোৱাৰ পাছত এতিয়া উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ বান প্ৰভাৱিত জিলা সমূহৰ পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰিছে। যদিও গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত বানাক্ৰান্ত ৰাইজৰ আন কিছুমান জটিল সমস্যাই দেখা দিছে ৷ যোৱা চাৰি দিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা গৰমৰ ফলত বান বিধ্বস্ত অঞ্চলসমূহত উকমুকনি দিছে ডায়েৰিয়া, বমি আৰু ভিন্ন ছালৰ ৰোগে ৷ উল্লেখ্য যে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নাজিৰা দিখৌ নৈ পৰীয়া ৰাইজৰ লগতে জয়সাগৰস্থিত হাতীখোঁক গাওঁ আৰু দৰবাফিল্ডৰ একাধিক লোকৰ বিপৰীতে দৰবাফিল্ডৰ কণ-কণ শিশুৱে দিখৌ নদীৰ পানীত নামি উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে অহৰহ গা-ধুৱা, পানীৰ সৈতে খেলা ৰাইজে প্ৰত্যক্ষ কৰিছে। লগতে লক ডাউন, আনলকৰ সময়ত হোৱা খাদ্য সংকটৰ প্ৰভাৱে মানৱ জাতিৰ বিপৰীতে পশু, পখিলৈয়ো বিপৰ্যয় কঢ়িয়াই আনিছে। তাৰে এক জলন্ত উদাহৰণ হ’ল জয়সাগৰস্থিত দিখৌ নদীত নামি দুষ্প্ৰাপ্য বৰটোকোলা চৰাইয়ে খাদ্যৰ সন্ধানত মানুহৰ কাষে-কাষে মুকলি বিচৰণ কৰি থকা দৃশ্যই চিন্তিত কৰি তুলিছে ৰাইজ তথা সচেতন মহলক। বৰ্তমানেও ১৫ খন জিলাৰ ২৩ টাকৈ ৰাজহ চক্ৰৰ ৩০৮ খন গাঁও প্লাবিত হৈ আছে প্ৰলয়ংকাৰী বানত৷ এনে ক্ষেত্ৰত বান প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন৷ খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সতৰ্কতা মানি চলাৰো প্ৰয়োজন বানাক্ৰান্ত ৰাইজৰ৷ বুধবাৰে শিৱসাগৰ জিলা তাপমাত্ৰা অতিক্ৰম কৰিলে ৩৬ ডিগ্ৰীৰ৷ ইয়াৰোপৰি ৰাজ্যৰ আন-আন স্থানসমূহতো প্ৰায় সম পৰ্যায়ৰ তাপমাত্ৰাই অতিষ্ঠ কৰি তুলিছে ৰাইজক৷

Leave A Reply