Breaking

মুখশুদ্ধিত ড্ৰাই আইচ ! ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰি মৃত্যুৰে যুঁজিছে পাঁচ জনে…

0 157

মুখশুদ্ধিত ড্ৰাই আইচ! ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰি মৃত্যুৰে যুঁজিছে পাঁচ জনে
ৰেষ্টুৰেণ্টত খাই উঠি মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰিবলৈ ল’লে পাঁচগৰাকীকৈ লোকে। গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত ঘটিছে এই ঘটনা। মুখশুদ্ধি কৰাৰ পিছতে পাঁচজন লোকে তেজ বমি কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ মাজৰে দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে ৰেষ্টুৰেণ্টৰ মেনেজাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰেষ্টুৰেণ্টখন গুৰুগ্ৰামৰ চেক্টৰ ৯০ ত অৱস্থিত। অংকিত কুমাৰে তেওঁৰ পত্নী আৰু বন্ধুবৰ্গৰ সৈতে সেই ৰেষ্টুৰেণ্ট খনত খাবলৈ গৈছিল। খোৱাৰ পিছত তেওঁলোকে বিল পৰিশোধ কৰিছিল আৰু মুখশুদ্ধি খাইছিল। সেয়া খোৱাৰ পিছতে অংকিত, তেওঁৰ পত্নী আৰু আন তিনিগৰাকী লোক অসুস্থ হৈ পৰে। মুহূৰ্ততে সকলোৰে মুখ জ্বলিবলৈ ধৰিলে। বমি আৰম্ভ হয়। বমিৰ সৈতে তেজ ওলাই আহে।

অংকিতে অভিযোগ কৰা অনুসৰি যে তেওঁলোক অসুস্থ হ’লেও ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত তেওঁলোকে আৰক্ষীক ফোন কৰে আৰু আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰি মুখশুদ্ধিৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে মুখশুদ্ধিৰ পেকেটটোৰ ভিতৰত শুকান বৰফ(ড্ৰাই আইচ) আছিল। যি হৈছে এক প্ৰকাৰৰ অতি বিষাক্ত এচিড। এনে এচিড অত্যাধিক হাৰত পেটলৈ গ’লে মানুহৰ মৃত্যুও হ’ব পাৰে।

Leave A Reply