Breaking

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বিফলতা

0 1,946

ওদালগুৰি জিলাৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ অধীনত  থকা ওৰাং বিশুদ্ধ খোৱা  পানী যোগান আঁচনিৰ জড়িয়তে দীৰ্ঘ দিন ধৰি ওৰাং অঞ্চলবাসী ৰাইজক ঘৰে ঘৰে পাইপৰ মাধ্যমেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছিল ৷ যদিও কেইবা বছৰ  ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জ্বলা কলা খাব লগা হৈছে অঞ্চলবাসী ৰাইজে । জানিব পৰা মতে ওৰাং স্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিৰ ৮০ দশকত গ্ৰাউণ্ড ৱাটাৰ উঠাবলৈ ৬  ইঞ্চি মানৰ চম্বাৰৰ্চেবল পাম্প বহুওৱা  হৈছিল । ওৰাং অঞ্চলৰ ৰাইজক সেই  ৪০ বছৰ আগতে বহুওৱা পাম্পৰ জৰিয়তে  আজিলৈ খোৱা পানী যোগান ধৰি অহা হৈছিল  ।  এতিয়া সেই ৪০ বছৰ পুৰণি পাম্পৰ সতে সম্পূৰ্ণ পানীৰ বৰিং টো  অচল হৈ পৰাত ওৰাং অঞ্চলৰ ৰাইজ  লাগতিয়ালও প্ৰতি মুহূৰ্ততেই প্ৰয়োজন হোৱা পানীৰ সমস্যাক লৈ চিন্তিত হোৱা পৰিলক্ষিত হৈছে । জানিব পৰা মতে এতিয়া নতুনকৈ আগৰ দৰে চাম্বাৰচেবল পাম্পৰ সলনি সৰু আৰু বহু কম পানী উঠাব পৰা  কেপাচিটিৰ পাম্প বহুৱাই  ৪০ বছৰৰ আগতে বহুওৱা বৰিংৰ জড়িয়তে কোনো মতে ঠেকাৰ কাম চলাই অহাটো দেখিবলৈ পোৱা গৈছে  । বিশেষ সূত্ৰে জানিব পৰা মতে যিটো বৰিংৰ দ্বাৰা পানী উঠাই থকা হৈছে সেই বৰিং টোৰ মাটিৰ তলত বহুওৱা ফিল্টাৰ পুৰণি হোৱাৰ বাবে একেবাৰে বিকল হোৱা সত্ত্বেও কোনো মতে দিনৰ দিনটো পানী উঠোৱাৰ পিছতো ৰাইজৰ ঘৰে ঘৰে উপযুক্ত পৰিমাণে পানী দিয়াত ব্যৰ্থ হৈছে ওৰাং পানী যোগান আঁচনি ।ওৰাং অঞ্চলৰ ৰাইজে অভিযোগ দিয়া মতে পানী যোগান আঁচনিয়ে নিয়মিত আৰু সময় মতে পানী দি আহিছে কিন্তু আগৰ তুলনাত নানান সমস্যাৰ বাবে বহু কম পৰিমাণে পানী দিয়াত বহু কষ্টৰ সন্মুখীন হব লগা হৈছে ওৰাং বাসী ৰাইজৰ । ৰাইজে জানিব দিয়া মতে চাকৰিয়াল , ঠিকাদাৰ , ধনী ধনী লোকৰ ঘৰত পানী ষ্ট’ক কৰা পানী টেংকী সমূহ নিজ নিজ ঘৰত লগোৱা পানী মটৰৰ জৰিয়তে ৰাইজৰ সুবিধাৰ্থে পাইপত অহা পানীখিনি  টানি টেংকী ভৰাই  আহিছে৷ যিসকলৰ ঘৰত মটৰ নাই তেওঁলোকৰ ঘৰত পানী পাইপেৰে যোৱাত বাধা পোৱাৰ ফলত  পানী নোপোৱা বা অতি কমকৈ পানী ওলোৱা আদি ন ন ধৰণৰ সমস্যাই দেখা দিছে ।   ঘৰে ঘৰে দিয়া পানীৰ পাইপৰ পৰাই মটৰ লগাই টেংকী ভৰোৱা আৰম্ভ কৰাত অঞ্চলৰ অইন অইন ঘৰত পানী প্ৰেচাৰ নোহোৱাত  পানী নোপোবাটো পৰিলক্ষিত হৈছে । ওৰাং অঞ্চলৰ সচেতন মহলে অতি সোনকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবী তুলিছে । এই সংক্ৰান্তত মাজবাটৰ অন্যতম বিজেপি যুৱ নেতা কিশোৰ শৰ্মাই মন্তব্য কৰি কয় যে ৰাইজৰ ৰাইজে কেইবছৰ মান  ধৰি যি ধৰণৰ কিছু অসুবিধাৰ সন্মুখীন হব লগা হৈছে বুলি আক্ষেপ কৰিছে ৷ অনতিপলমে ওৰাং পানী যোগান আচঁনিটোত এটা বৃহৎ অভাৰ হেড টেংকী নিৰ্মাণ কৰি বিশুদ্ধ খোৱো পানীৰ পৰা বঞ্চিত গাওঁ অঞ্চল,এলেকাৰ সমুহত পানী যোগান ধৰাৰ সুব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ কতৃপক্ষক  ৰাইজে আহ্বান জনাইছে ৷ এই আচনিটো সংশ্লিষ্ট বিভাগে  আজিলৈ কোটি  কোটি টকা খৰচ কৰাৰ পিছতো সমগ্ৰ ওৰাং  অঞ্চল বাসীক আবশ্যক অনুসৰি বিশুদ্ধ খোবা পানী যোগান ধৰিব পৰা নাই ৷এই আচঁনিটোৰ অধীনত ১৯৯৯ চনতে স্থাপিত ওৰাং গৃহ সংযোগ পানী যোগান  উপদেষ্টা  সমিতি নামেৰে এটা অকৰ্মণ্য ,অপদাৰ্থ  এখন  সমিতি   আছে ৷যদিও এই সমিতিৰ সভাপতি আৰু সম্পাদকৰ  স্বেচ্ছাচাৰীতা,অৰাজকতা , চুড়ান্ত হেমাহি গাফিলতি আদিৰ  বছৰ বছৰ ধৰি কোনো এখন সভা আহ্বান নকৰি কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত সম্প্ৰতি নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷গতিকে ঘৰে ঘৰে   পানী যোগান  সমিতিখন অতি  সোনকালে  ভংগ কৰি এখন নতুন  কাৰ্যকৰী সমিতি গঠন কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

Leave A Reply