Breaking

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে ।

0 145

দলগাও ৭ জুন:-  সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ সহ ৮৩% শতাংশ নম্বৰলৈ উত্তীৰ্ণ হৈ দৰঙ জিলাবাসীলৈ  গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ ৰহমানে। ফাইজুৰ ৰহমানে ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা   হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছি। দৰঙ জিলাৰ দলগাও সমষ্টিৰ অন্তৰ্গত অতি পিচ পৰা দুলিয়াপাৰা বাসিন্দা পিতৃ হবিবুৰ ৰহমান আৰু মাতৃ তাহেৰা বেগমে আৰ্থিক অনাটনৰ বাবে যোগান ধৰিব পৰা নাছিল উপযুক্ত পঢ়াৰ খৰছ। মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শ্বেৰপুৰ গাওঁত থকা মোমায়েক ছাইফুল ইছলাম(আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক)ৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল ফাইজুৰ ৰহমানে।  অলেখ কষ্ট আৰু তেওঁৰ পৰিশ্ৰম স্বীকাৰ কৰি ইংৰাজী,সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান,সমাজ বিজ্ঞান,আৰু তথ্য প্ৰযুক্তি বিদ্যা বিষয়ত লেটাৰ সহ সৰ্বমুঠ ৪৯৬ নম্বৰৰে নিজ পিতৃ-মাতৃ আৰু মোমায়েকক এটা ভাল ফলাফল উপহাৰ দিবলৈ সক্ষম হল ফাইজুৰ ৰহমানে। তেওঁৰ সপোন ভৱিষ্যতে তেওঁ এগৰাকী সুদক্ষ আই পি এছ বিষয়া হোৱাৰ সপোন ফাইজুৰৰ। কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক ?সেয়েহে মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙৰ উপ সভাপতি মহিদুল ইছলামে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মেধাৱী ছাত্ৰ জনক উচ্চ শিক্ষাৰ বাবে বিভিন্ন হৃদয় বান লোকক আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে  ধূলা একচেলেণ্ট ৰেইজ একাডেমীৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মকিবুৰ ৰহমান। একাডেমী খনৰ অধ্যক্ষ মনিৰ মহম্মদ ছাঁফীয়ে মকিবুৰৰ ঘৰৰ অৱস্থা অতি দুৰ্বল হোৱাৰ বাবে তেওঁক আৰ্থিক ভাৱে বিশেষ সুবিধা প্ৰদান কৰিছিল। অৱশেষত মকিবুৰ ৰহমানে সমাজ বিজ্ঞান আৰু অসমীয়া বিষয়ত লেটাৰ সহ ৭২.৩৩% নম্বৰৰে ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হল। পিতৃ মাতৃৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিশ্ৰম অথলে যাব দিয়া নাই মকিবুৰ ৰহমানে।কিন্তু উচ্চ শিক্ষাৰ বাবে আৰ্থিক সমস্যাই বাধা দিব নেকি মেধাৱী ছাত্ৰ ফাইজুৰ ৰহমানৰ লগতে মকিবুৰ ৰহমানৰ ?

আবুল হাছেম
দলগাও

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

Leave A Reply