Breaking

আমেৰিকাত উৰাবাতৰি : ক’ৰোনা সংক্ৰমণৰ পিছত হাত বিল গিটছৰ সত্য বুলি মানি লৈছে ২৮ শতাংশ লোকে ।

0 74

গুৱাহাটী

ক’ৰোনা ভাইৰাছ লৈ সমগ্ৰ বিশ্বতে আতংক বিৰাজমান৷ এই আতংকৰ মাজতে এটা উৰাবাতৰি ওলাই বিভিন্ন মহলৰ মাজত আলোচ্যৰ বিষয় হৈ পৰিছে৷ এই উৰাবাতৰিত নাম সাঙোৰ খাই পৰিছে একালৰ পৃথিৱীৰ সবাতোকৈ ধনী ব্যক্তি বিল গেটছৰ নাম৷ উৰাবাতৰি মতে, ক’ৰোনা সংক্ৰমণৰ পিছত হাত আছে বিল গিটছ৷ এনে উৰাবাতৰিত বিশ্বাসী লোক এজন বা দুজন নহয়, আমেৰিকাৰ ২৮ শতাংশ লোকে ইয়াক সত্য বুলি মানি লৈছে৷ এক সমীক্ষাত এই কথা প্ৰকাশ৷ এই উৰাবাতৰিৰ লগতে আন এক উৰাবাতৰি উলাইছে যে ক’ভিড-১৯ প্ৰতিষেধকৰ বাবে৷মানুহৰ মাজত ট্ৰেকিং ডিভাইছ প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে বিল গেটছে৷ ইপিনে, এই সমগ্ৰ বিষয়টোকে অতি অবিশ্বাস্য বুলি উৰুৱাই দিছে স্বয়ং বিল গেটছে৷ ক’ৰোনা ভাইৰাছ প্ৰতিষেধক উলিওৱাৰ ক্ষেত্ৰত অতি উদ্যোগী বিল গেটছ৷ এই কামত বিল আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছ দুয়োগৰাকীয়ে সক্ৰিয়৷ ইতিমধ্যে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে প্রতিষেধক প্ৰস্তুত কৰাৰ কামত ৩০ কোটি ডলাৰৰ আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে৷ তাৰ পাছতো এই মহামাৰীৰ পিছত বিল গেটছৰ হাত আছে বুলি উৰাবাতৰি উলিয়াইছে৷ দক্ষিণপন্থীসকলৰ দাবী, যিকোনো ধৰণেৰে এই মহামাৰীৰ উৎসত জড়িত গেটছ আৰু ইয়াৰ বিয়পোৱাত তেওঁৰে হাত আছে৷ তদুপৰি ক’ৰোনাৰ প্ৰতিষেধক বিক্ৰী কৰি তাৰ পৰা লাভ তুলিবলৈ চেষ্টা কৰিব বিল গেটছে৷ ইয়াহু নিউজ আৰু ইউগভ নামৰ এটা আন্তর্জাতিক মাকের্ট ৰিচাৰ্ছ আৰু ডাটা এনালাটিকছ প্ৰতিষ্ঠানৰ যৌথ সমীক্ষাৰ প্ৰতিবেদনত কৰা দাবী মতে আমেৰিকাৰ ২৮ শতাংশ লোক এই ধাৰণাত বিশ্বাসী৷ ৰিপাব্লিকানসকলৰ ভিতৰত ৪৪ শতাংশ লোকে ইয়াক সত্য বুলি মানি লৈছে৷ আনহাতে আমেৰিকাৰ জনপ্ৰিয় টেলিভিচন চেনেল নেটৱৰ্ক ‘ফক্স নিউজ’ৰ ৫০ শতাংশ দৰ্শকে ইয়াক মানি লৈছে৷ অৱশ্যে এমএছএনবিচি নামৰ এটা টেলি-নেটৱৰ্কৰ ৬১ শতাংশ দৰ্শকে কোৱা মতে ই এক ভ্ৰান্ত ধাৰণা৷ এই বিষয়ে বিল গেটছে সমগ্ৰ বিষয়টোকে অদ্ভুদ বুলি আখ্যা দিছে৷ তেওঁ কয়, মই ক’তো কোনো ধৰণেৰে মাইক্ৰ’ছিপ সংক্ৰান্তীয় বিষয়ৰ লগত জড়িত নহয়৷ বিল গেটছৰ মন্তব্য, এই ধৰণৰ বিষয়বোৰ বিশ্বাস কৰাটোত সমস্যা৷ উল্লেখ্য যে মহামাৰীক লৈ দীৰ্ঘ দিন ধৰি সচেতনতা প্ৰচাৰৰ কামত জড়িত বিল গেটছ৷ ২০১৫ চনত তেওঁ ‘টেড টকছ’ বিষয়ে সতর্কবার্তা দিছিল৷ এই অনুষ্ঠানত বিশ্বজুৰি এক মহামাৰীত মৃত্যুৰ আশংকাৰ কথা শুনাইছিল বিল গেটছে৷ এই কামত বিশ্বনেতাসকলক সক্ৰিয় হ’বলৈ তেওঁ কৈছিল৷ এতিয়া তাকে লৈ এই উৰাবাতৰি ওলাইছে৷ উল্লেখ্য যে ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰা কামত অহা ৫ বছৰৰ বাবে অতিৰিক্ত ১৬০ কোটি ডলাৰৰ প্ৰতিশ্ৰুতি দিছে বিল আৰু মেলিণ্ডা ফাউণ্ডেচনে৷

Leave A Reply