Breaking

কিৰণ মজুমদাৰক অতিক্ৰম কৰি আটাইতকৈ ধনী ভাৰতীয় মহিলা(Richest Indian Woman) হিচাপে পৰিগণিত হৈছে Nykaaৰ ফাল্গুনী নায়াৰ (Falguni Nayar)

0 268

গৌতম আদানী, মুকেশ আম্বানী, চাইৰাছ এছ পুনাৱাল্লা আদিৰ পিছতেই ধনী ভাৰতীয়ৰ তালিকাত আছে ফাল্গুনী নায়াৰৰ নাম।

বুধবাৰে প্ৰকাশ পোৱা আই আই এফ এল ৱেলথ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২২ অনুসৰি বিউটী ই-কমাৰ্চ প্লেটফৰ্ম Nykaaৰ প্ৰতিষ্ঠাপক ফালগুনি নায়াৰ (Falguni Nayar) আটাইতকৈ ধনী ভাৰতীয় মহিলাৰূপে পৰিগণিত হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে, “বিউটি এণ্ড ৱেলনেছ ই-কমাৰ্চ প্লেটফৰ্ম Nykaaৰ সফল তালিকাভুক্ত হোৱাৰ লগে লগে ফালগুনি নায়াৰে ‘বায়’টেক কুইন’ কিৰণ মজুমদাৰ শ্ব (Kiran Mazumdar-Shaw)ক অতিক্ৰম কৰি আইআইএফএল ৱেলথ হুৰুৰ্ণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২২ৰ আটাইতকৈ ধনী স্ব-নিৰ্মিত ভাৰতীয় মহিলা (Richest Indian Woman) হিচাপে পৰিগণিত হৈছে।” .

নায়াৰ দেশৰ ভিতৰতে আটাইতকৈ ধনী মহিলা আৰু তেওঁৰ পিছতে আছে ৰেয়াৰ এণ্টাৰপ্ৰাইজেছৰ স্বত্বাধিকাৰী তথা প্ৰয়াত প্ৰবীণ বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ পত্নী ৰেখা ঝুনঝুনৱালা (Rekha Jhunjhunwala)।

তথ্য অনুসৰি বছৰটোৰ ভিতৰত ফালগুনী নায়াৰ আৰু পৰিয়ালৰ সম্পত্তি ৩০ হাজাৰ কোটি টকা বৃদ্ধি পাইছে আৰু তেওঁৰ সঞ্চিত সম্পদ ৩৪৫ শতাংশ বৃদ্ধি পাই প্ৰায় ৩৮,৭০০ কোটি টকাত উপনীত হৈছে।

তালিকাত সম্পদ সংযোজনৰ ক্ষেত্ৰত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত নায়াৰে পঞ্চম স্থানত আছে আৰু তেওঁ হৈছে শীৰ্ষ ১০ৰ ভিতৰত থকা একমাত্ৰ মহিলা। গৌতম আদানী, মুকেশ আম্বানী, চাইৰাছ এছ পুনাৱাল্লা (Gautam Adani, Mukesh Ambani, Cyrus S Poonawalla)ৰ দৰে লোক তেওঁৰ আগত আছে।

Leave A Reply