Breaking

নাজিৰাত ক’ৰনা ৰোগীক লৈ ফেচবুকত ভুৱা প্ৰচাৰ : ১ জন গ্ৰেপ্তাৰ ।

0 44

গেলেকী

 সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আতংকিত কৰিব বিচৰা লোকৰ ওপৰত শেন চকু অসম আৰক্ষী চাইবাৰ চেইলৰ । ছ’চিয়েল মিডিয়া ফেচবুকত আপত্তিজনক মন্তব্যৰে ভুৱা প্ৰচাৰ চলাই আটক হ’ব লগা হ’ল নাজিৰাৰ এজন যুৱক । ৪জুনৰ দিনা নাজিৰা মহকুমা ৰজাপুলৰ মিণ্টু দিহিঙ্গীয়া (২৮) নামৰ এজন যুৱকে নিজা ফেচবুক একাউণ্টৰ পৰা কৰ’না ৰোগী সন্দৰ্ভত এক আপত্তিজনক উৰা বাতৰি প্ৰচাৰ কৰি ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা চলাই । শিৱসাগৰ জিলা আৰক্ষী অভিযোগ অনুসৰি গড়গাঁও কোৱাৰেণ্টাইন চেণ্টাৰটোৰ পৰা এজন কৰ’না ৰোগী পলায়ন কৰিছে । খবৰ অনুসৰি ৰোগীজন নাজিৰা মলাগাওঁৰ নিৱাসী । সামাজিক মাধ্যমত কৰ’না আতংক মাজত উক্ত ভুৱা প্ৰচাৰ কৰাৰ অভিযোগ ৰজাপুলৰ মিণ্টু দিহিঙ্গীয়াৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত আৰক্ষী চাইবাৰ চেইলে সমূহ ঘটনা তদন্ত কৰি যুৱকজনে দিয়া ফেচবুকৰ পুষ্টটি ভুৱা অভিহিত কৰে । অপৰাধীক ফেচবুক একাউণ্টৰ জড়িয়তে আৰক্ষীয়ে চিনাক্ত কৰি ৪জুনৰ আবেলি অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলোৱা ধৃত যুৱকজনৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাই এক গোচৰ ৰুজু কৰি আৰু অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

Leave A Reply