Breaking

পৰিয়ালৰ হস্তক্ষেপ, পঢ়া-শুনা আৰু চাকৰিৰ মানসিক চাপে হৰম’নৰ ভাৰসাম্য নষ্ট কৰে, এক গৱেষণাত প্ৰকাশ এই তথ্য…

0 23

যৌৱনকালত মানসিক চাপৰ বলি হৈ পৰিছে বহু কিশোৰী। পৰিয়ালৰ হস্তক্ষেপ, পঢ়া-শুনাৰ বোজা আৰু কেৰিয়াৰ গঢ়ি তোলাৰ মানসিক চাপ, এই সকলোবোৰেই তেওঁলোকৰ হৰম’নতো প্ৰভাৱ পেলাইছে। যৌৱনৰ সময়ছোৱা হৈছে জীৱনৰ সেই বৰ্ণিল যাত্ৰা য’ত প্ৰতিটো মুহূৰ্তত এক নতুন অভিজ্ঞতা লাভ কৰা যায়। কিন্তু এই বয়সত বহু ছোৱালী মানসিক চাপৰ বলি হৈ পৰিছে। পৰিয়ালৰ হস্তক্ষেপ, পঢ়া-শুনাৰ বোজা আৰু কেৰিয়াৰ গঢ়ি তোলাৰ মানসিক চাপ, এই সকলোবোৰেও তেওঁলোকৰ হৰম’নত প্ৰভাৱ পেলাইছে বুলি কানপুৰৰ জি এছ ভি এম মেডিকেল কলেজৰ স্ত্ৰীৰোগ বিভাগৰ দলে কৰা এক অধ্যয়নত চাঞ্চল্যকৰভাৱে প্ৰকাশ পাইছে এই তথ্য।

মানসিক চাপ কমোৱাটো অতি গুৰুত্বপূৰ্ণ। আনহাতে কিশোৰী ছোৱালীৰ মাজত পিচিঅ’এছৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মানসিক চাপ হ্ৰাস কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সৈতে মুকলিকৈ কথা পাতিব লাগে আৰু তেওঁলোকৰ সমস্যাসমূহ বুজিব লাগে। ইয়াৰ উপৰিও কিশোৰী ছোৱালীয়েও নিজৰ দৈনন্দিন কাম-কাজ সলনি কৰি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগে।

Leave A Reply