Breaking

দেৰগাঁৱৰ দাধৰাৰ শংকৰদেৱ হাইস্কুলৰ শিক্ষক তথা কৰ্মচাৰীৰ বিদায় সম্বৰ্দ্ধনা

0 1,063

দেৰগাঁৱৰ অন্যতম গ্ৰাম্যাঞ্চলৰ এক চৰকাৰী শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ হাইস্কুলত বুধবাৰে এখন বিদায় সভা অনুষ্ঠিত হয়। বিদ্যালয়ত দীৰ্ঘ দিন সেৱা আগবঢ়োৱা প্ৰাক্তন প্ৰধাণ শিক্ষক নগেন্দ্ৰ নাথ বৰুৱা, বুবুল চন্দ্ৰ দত্ত,ভৱেন্দ্ৰ বল্লভ গোস্বামী,প্ৰফুল্ল শৰ্মা আৰু প্ৰাক্তন জ্যেষ্ঠ কাৰ্য্যালয় সহায়ক গোবিন প্ৰসাদ বৰুৱাক গাম্ভীৰ্যপূন ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ সন্মুখৰ পৰা গায়েনে-বায়েনে বিদ্যালয়খনৰ শিক্ষক ছাত্ৰছাত্ৰীয়ে উষ্ম আদৰণী জনাই কেওজন সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক -কৰ্মচাৰীক। ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ বিদায় সম্ভাষণ গ্ৰহণ কৰি আৱেগিক হৈ পৰা দেখা গ’ল সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সকল।অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয়ৰ শিক্ষয়ত্ৰী সকলে এটি সমৱেত সংগীত পৰিৱেশনে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে।অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী লীলী শইকীয়াই উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে প্ৰেমধৰ শইকীয়াই।

সভাখনত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃষি-বিজ্ঞানী ড°বিজ্ঞান চন্দ্ৰ বৰদলৈয়ে। বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°জীৱন চন্দ্ৰ পাঠক আৰু খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অমিয় কুমাৰ দাসে। আদৰণী ভাষণ আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ববী নেওগে। অনুষ্ঠানটো আঁতধৰে শিক্ষয়ত্ৰী জ্যোতি ৰাজখোৱা ফুকনে।

Leave A Reply