Breaking

টীয়কত চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিদায় সভা…

0 13

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৰাজেন বৰুৱা আৰু কানন গো গোবিন্দ নাথৰ কৰ্ম জীৱনৰ অন্তিম দিনত আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। টীয়ক ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত টীয়কৰ বিভিন্ন দল সংগঠনৰ লগতে টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামান,বৰ্তমানৰ ৱাৰ্ড আয়ুক্ত মৃনাল বৰদলৈ,টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি প্ৰান্তনু দত্ত,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত সভাত শতাধিক ৰাইজ উপস্থিত থাকি দুয়োগৰাকী ব্যক্তিৰ কৰ্ম্মময় জীৱন শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উপৰি টীয়ক প্ৰেছ ক্লাৱ,টীয়ক পৌৰসভা,ৰেঙনি, প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানকে ধৰি কেইবাগৰাকী শুভাকাংক্ষীয়ে দুয়োজনকে বিদায় জনায়।

Leave A Reply