Breaking

টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ঘটেশ্বৰ বৰুৱাৰ বিদায় সম্বৰ্ধনা সভা

0 109

ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠান টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ঘটেশ্বৰ বৰুৱাক আজি অধ্যাপনা জীৱনৰ পৰা আনুষ্ঠানিক বিদায় উপলক্ষে টংলা মহাবিদ্যালয় শিক্ষক গোট ,টংলা মহাবিদ্যালয় আভ্যন্তৰীণ মূল্যায়ন কোষ ,টংলা মহাবিদ্যালয় কৰ্মচাৰী পৰিষদ ,এইট ব্ৰাদাৰছ আদিয়ে বিদায় সম্বৰ্ধনা জনায়।ফুলাম গামোচা ,আৰণাই ,মানপত্ৰ , শৰাই ,ফুলাম জাপি ,কিতাপৰ টোপোলা ,ফুলৰ থোপা আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অধ্যাপক -অধ্যাপিকা,ছাত্ৰ ছাত্ৰীও বৰুৱাক বিদায় সম্বৰ্ধনা জনায়।টংলা মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি কৃষ্ণকান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অধ্যক্ষ ডঃ প্রসেনজিৎ দৈমাৰী ,উপাধ্যক্ষ অঞ্জলি চক্ৰৱৰ্তী ,শিক্ষক গোটৰ সম্পাদক ডঃ আশা বসুমতাৰী ,মূল্যায়ন কোষৰ মিন্টু পাঠক ,ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ ৰামচন্দ্ৰ ডেকা প্ৰমুখ্যে শিক্ষাগুৰু মণ্ডলী আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।আনহাতে সদ্য অৱসৰ প্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাৰ গৃহতো আদৰণি আৰু কৃতজ্ঞতা অনুষ্ঠান কৰা হয়।টংলা মহাবিদ্যালয়ৰ পৰা সতীৰ্থ শিক্ষাগুৰুমণ্ডলী ,কৰ্মচাৰী ,ছাত্ৰ- ছাত্ৰীয়ে ঘটেশ্বৰ বৰুৱাক টংলা চিত্ৰনগৰ বাসগৃহলৈ আদৰি আনে। তেখেতৰ গৃহত অনুষ্ঠিত পৰিয়ালৰ দ্বাৰা আদৰণি আৰু কৃতজ্ঞতা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদায়ী অধ্যাপক ঘটেশ্বৰ বৰুৱাৰ প্ৰসংগত লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক তৰুণ আজাদ ডেকাই কয় তেখেত অকল চাৰিবেৰৰ মাজত আবদ্ধ শিক্ষাগুৰুয়ে নহয় সমাজৰো এগৰাকী আদর্শবান শিক্ষক।

ৰাইজৰ হকে সমাজৰ হকে সদায়েই কাম কৰি আহিছে।সাহিত্য সভা, সাংস্কৃতিক অনুষ্ঠান ,দুৰ্গত কল্যাণ ন্যাস ,নদী বান্ধ আদি বিভিন্ন অনুষ্ঠানৰ স’তে জড়িত হৈ আহিছে।বিশিষ্ট সাহিত্য সংগঠক সৎৰাম ডেকাই আঁত ধৰা অনুষ্ঠানত ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰামচন্দ্ৰ ডেকা , শিক্ষাবিদ নীলধৰ ডেকা ,শিক্ষাবিদ মনোৰঞ্জন শৰ্মা ,শিক্ষাবিদ দেৱজিৎ ডেকা , টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্রসেনজিৎ দৈমাৰী ,বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ,দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুমণ্ডলী ,ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ বিষয় ববীয়া ,টংলা সাহিত্য সভাৰ বিষয় ববীয়া ,গুণমুগ্ধ ব্যক্তি বিশেষে উপস্থিত থাকি তেখেতক সম্বৰ্ধনা জনায়।তেখেতৰ পৰিয়ালৰ তৰফৰ সহধৰ্মিনী ববিতা বৰুৱা ,দুই কন্যা ,আত্মীয় স্বজনে টংলা মহাবিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলী তথা গুণমুগ্ধ বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰে।সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাই তেখেতৰ বাবে আজিৰ দিনটোৰ মূল্যবান সময় নষ্ট কৰি মৰম চেনেহ আদৰ দিয়া বাবে ,পদধূলা দিয়া বাবে পৰম কৃতজ্ঞ বুলি ব্যক্ত কৰাৰ লগতে মই সমাজত থাকি ভাল পোৱা মানুহ , উপকাৰ কৰিবলৈ নোৱাৰিলেও কাৰো অপকাৰ নকৰো সেই নীতি আদর্শ থকা ব্যক্তি বুলি কয়।

Leave A Reply