Breaking

মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী নন্দৰাম কোলক বিদায় সম্বৰ্ধনা সভা

0 80

ওদালগুৰি জিলাৰ ওদালগুৰি মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী নন্দৰাম কোলক আজি বিদায় সম্বৰ্ধনা জনোৱা হয়। টংলা থানাৰ অন্তৰ্গত জলাহ খুটিচুবা গাঁও নিবাসী নন্দৰাম কোল এগৰাকী অতি নিষ্ঠাবান কৰ্মচাৰী। দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অতি সচেতন কোলৰ বাকী জীৱনছোৱা ঘৰ তথা সমাজখনক সময় দি আগবঢ়াই লৈ যাব বুলি আশা প্ৰকাশ কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।এই মন্তব্য ওদালগুৰি ৰাজহ চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া এচিএছ নৱদ্বীপ চাংমাইৰ। জলাহ খুটিচুবা গাঁৱত ১৯৬২ চনত জন্ম গ্ৰহণ কৰা কোলে ৩৭ বছৰ ধৰি চাকৰি কৰাৰ অন্তত ২০২২ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্রহণ কৰে।৫ জানুৱাৰীত মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা অনুষ্ঠানিক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি বাস গৃহলৈ স -সন্মানেৰে আদৰি লৈ আহে।চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া নৱদ্বীপ চাংমাই ,সহায়ক বিপ্লৱ কুমাৰ ৰয়,বিপুল কলিতা,কনক চন্দ্ৰ ৰাভা,বিমল ব্ৰহ্ম ,বিনোদ খাখলাৰী ,পূৱ টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ সম্পাদক অৰূপ ডেকা ,শিক্ষা সম্পাদক হীৰক জ্যোতি ডেকা ,প্ৰণৱজ্যোতি ডেকা ,হিমাংশু ৰাভা ,সাংবাদিক অৰূপ বড়ো ,টংলা বালিকা উচ্চ বিদ্যালয়ৰ কৰ্মচাৰী চিন্তাৰামডেকা প্ৰমুখ্যে গুণমুগ্ধই সদ্য অৱসৰী নন্দৰাম কোলৰ গুণানুকীৰ্তন কৰে।ফটিক নন্দন ৰাভাই আঁত ধৰা আদৰণি অনুষ্ঠানত পৰিয়ালৰ হৈ তেখেতৰ জ্যেষ্ঠ পুত্ৰ তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আমতল -গোড়বস্তি শাখাৰ সভাপতি গৌতম অকোল ,সদ্য অৱসৰী নন্দৰাম কোলে চাকৰি জীৱনৰ তিতা- মিঠাৰ মধুৰ ক্ষণ ব্যক্ত কৰে। নন্দৰাম কোলৰ সহধৰ্মিনী ভাৰতী কোল ,পুত্ৰ অৰুণ কোল ,হীৰন কোল ,বোৱাৰী বিনীতা ৰাভা কোল ,সোণালী তাঁতী ,জীয়ৰী জোনমনি কলিতাই অভ্যাগতসকলক ফুলাম গামোচাৰে আদৰণি জনায়।

টংলাৰ পৰা অৰুপ বড়োৰ প্ৰতিবেদন

Leave A Reply