Breaking

বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ গভীৰ শোক প্ৰকাশ৷

0 2,047

বিশিষ্ট সাহিত্যিক,কথা শিল্পী,সমাজ সংগঠক,অভিনেতা তথা বিশিষ্ট শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যুত ৰাজ্যৰ লগতে শোণিতপুৰ জিলাখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।বিশিষ্ট সাহিত্যিক গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই৷কালৰূপী ক’ৰোনাত আক্ৰান্ত হৈ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি এই সংসাৰৰ পৰা চিৰ বিদায় মাগি পৰিয়াল বৰ্গৰ লগতে হেজাৰ হেজাৰ গুণমুগ্ধ,ছাত্ৰ-ছাত্ৰী আৰু শুভকাংশীক কন্দুই থৈ যায় বৰুৱাই। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গৰাকীৰ এই অকাল মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ সমান্তৰালকৈ  কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ কৰিছে৷বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ কৰি সংবাদ মাধ্যমত প্ৰেৰণ কৰা শোক বাৰ্তাৰ জৰিয়তে কয় বিশিষ্ট সাহিত্যিক অভিনেতা,নিখুঁত সমালোচক,সমাজৰ পথ প্ৰদৰ্শক,লেখক,কবি,কথা শিল্পী,সমাজ সংগঠক হেমন্ত কুমাৰ বৰুৱা ছাৰৰ অকাল মৃত্যুত আমি মৰ্মাহত হৈছো৷তেখেতৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি৷ আজি অসম তথা অসমীয়াই এজন দায়িত্বশীল অভিবাবক হেৰালে৷বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ  কৰাৰ লগতে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামণা কৰি শোকসস্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply