Breaking

কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক হত্যাৰ ভাবুকি

0 2,015

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰশান্ত বৈশ্যক যোৱা ১৬ অক্টোবৰ তাৰিখে এজন যুৱকে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল৷সততে সাধাৰণ জনতাৰ ন্যায় প্ৰাপ্তিৰ দাবীত জাতিধৰ্ম নিৰ্বিশেষে বলিষ্ঠ ভূমিকা পালন কৰি গণতান্ত্ৰিক ভাবে আপোচবিহীন আন্দোলন চলাই অহা কৃষক শ্ৰমিক  নেতাজনক আক্ৰমণৰ লক্ষ্য কৰি হত্যাৰ ভাবুকি প্ৰদান কৰাত  অঞ্চলটোত আজিও  তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷ঘটনা সন্দৰ্ভত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ লগতে তেওঁক নিৰাপত্তা প্ৰদানৰ  দাবীত ঢেকীয়াজুলি আৰক্ষী থানাত ১৬ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল ৷যদিও আৰক্ষীৰ সৰলতাৰ সুযোগ লৈ আজিও মুকলি আকাশৰ তলত বুকুফিন্দাই ঘূৰি ফুৰিছে অপৰাধী৷ঘটনাৰ বিৱৰণি অনুসৰি যোৱা ১৬ অক্টোবৰ তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানাৰ এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢেকীয়াজুলি হাইস্কুল সংযোগী পথৰ ঠাকুৰ বাৰী স্থিত অৰ্চনা হোটেলৰ সন্মুখত হৰ্মোজ আলি নামৰ এজন উদণ্ড যুৱকে অইন এজন নিজ সম্প্ৰদায়ৰ যুৱকৰ লগত কাজিয়াত লিপ্ত হয়৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই জন্মদিনৰ কেক বিছাৰি অৰ্চনা হোটেলৰ পৰা উলাই অহা অৱস্থাত দুজনৰ বাকবিতণ্ডা দেখা পাই ৰাজহুৱা স্থানত  তৰ্কবিতৰ্ক কৰি পৰিবেশ বিনষ্ট নকৰিবলৈ দুজনকে অনুৰোধ জনাই কাজিয়া ভাঙি দিয়ে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ কথা শুনি এজন যুৱক আতৰি যায় যদিও উদণ্ড হৰ্মোজ আলিয়ে নিজৰ আক্ৰোশৰ বহিঃপ্ৰকাশ ঘটাই অৰ্চনা হোটেলৰ কিছু নিলগতে অইন এজন সহযোগীক লগত লৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক আক্ৰমণৰ লক্ষ্য কৰি লয়৷উদণ্ড যুৱকজনে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক তোৰ নেতাগিৰী গোচাই দিম,তোক বহুত দিনৰ পৰাই আমি নজৰত ৰাখিছো,তহতৰ হিন্দু বিলাকৰ বেছি তেল ফুটিছে,তোৰ সংগঠনৰ নাম নিচান নোহোৱা কৰি দিম বুলি কৈ বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ পৰাৰ লগতে মানুহ লগাই কৃষক  শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক  হত্যা কৰিব বুলি মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল৷এই ক্ষেত্ৰত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ন্যায় বিছাৰি ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই৷পৰিতাপৰ বিষয় এয়াই যে উদণ্ড যুৱকজনে নিজৰ দোষ গাপ দি নিজকে সুৰক্ষিত কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ ওপৰত ই-ৰিস্কা ভঙাৰ মিছা অপবাদ দি মনেসজা গোচৰ ৰুজু কৰিছে৷কোনো সাক্ষী প্ৰমাণ নথকা সত্তেও আৰক্ষীয়ে কৃষক শ্ৰমিক নেতাজনৰ ওপৰত এই ভূৱা গোচৰ পঞ্জীয়ন কৰাত অপৰাধীয়ে দুগুণ উৎসাহেৰে নেতাজনৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ অপপ্ৰচাৰ চলাই নেতাজনক সমাজজীৱনত সেও প্ৰতিপন্ন কৰাৰ চক্ৰান্ত অব্যাহত ৰাখি নেতাজনক আক্ৰমণ কৰাৰ কৌশল ৰচিছে৷ কোন অপশক্তিৰ বলত বলীয়ান হৈ অপৰাধীয়ে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক ৰাজহুৱা স্থানত অপদস্থ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰি আজিও সুৰক্ষিত হৈ থাকিলে সেয়া এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷সেয়ে আজি ন্যায় তথা নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি অভিযোগ দাখিল কৰিছে৷এই ক্ষেত্ৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Leave A Reply