Breaking

মধ্যস্থতাকাৰীৰ হাতৰ পৰা ৰক্ষা পালে কৃষকে : প্ৰধানমন্ত্ৰী

0 1,314

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যসভাত তুমুল বিতণ্ডা, হুলস্থূল, বিক্ষোভৰ মাজত ধ্বনি ভোটত গৃহীত হ’ল কৃষি সংক্রান্তৰ দুখন বিধেয়ক ৷ এই বিধেয়ক গৃহীত হোৱাৰ পাচত প্ৰধানমন্ত্ৰীয়ে টুইটাৰত দাবী কৰে, কৃষকসকলৰ দুগুণ আয়ৰ পথ সুগম হ’ল ৷ মধ্যস্থতাকাৰীৰ হাতৰ পৰা ৰক্ষা পালে কৃষকে ৷ ইয়াৰ লগতে ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ ব্যৱস্থা আৰম্ভ হ’ব বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাজ্যসভাত কৃষি ক্ষেত্ৰত সংস্কাৰ সংক্ৰান্তীয় বিধেয়ক গৃহীত হোৱাৰ পাচত টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, আজি দেশৰ কৃষি ইতিহাসত যুগান্তৰকাৰী দিন ৷ সংসদত গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হোৱাৰ পাচত পৰিশ্ৰমী অন্নদাতাসকলক ধন্যবাদ জনায় ৷ কেৱল কৃষিক্ষেত্রত আমূল পৰিৱৰ্তন অনাই নহয়, বৰং কোটি কোটি কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিব ৷ প্ৰধানমন্ত্ৰীয়ে টুইটাৰত লিখিছে, কেইবা দশক ধৰি নানা ধৰণৰ বাধাৰ সন্মুখত পৰি আছিল ভাৰতীয় কৃষকসকল ৷ মধ্যস্থতাকাৰীৰ আক্ৰমণৰ চিকাৰ হৈছিল ৷ সেই অসুবিধা দূৰ কৰি দিলে সংসদত গৃহীত হোৱা বিধেয়কে ৷ আনহাতে কৃষকৰ দুগুণ আয়ৰ পথ সুগম হ’ল ৷ দেশৰ কৃষি ক্ষেত্ৰৰ যি সংস্কাৰৰ প্ৰয়ৎ আছিল তাক মন কৰি আছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷ তেওঁ টুইট কৰি কয়, আমাৰ কৃষিক্ষেত্রত আধুনিক প্রযুক্তিৰ প্ৰয়োজন৷ এতিয়া পৰিশ্ৰমী কৃষকে সহযোগিতা পাব৷ ভৱিষ্যৎ প্রযুক্তিৰ পথ খুল খালে ৷ বাঢ়িব উৎপাদন, ভাল ফল পাব৷ এয়া স্বাগত জনোৱাৰ দৰে পদক্ষেপ ৷ ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ ব্যৱস্থাও আৰম্ভ হ’ব বুলি আশ্বস্ত কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, ন্যূনতম সহায়ক মূল্যত ফচল কিনিব চৰকাৰে ৷ আমি কৃষকসকলক সেৱা কৰিবলৈ আহিছো ৷ সকলো ধৰণৰ পদক্ষেপ ল’ব ৷ তেওঁলোকৰ আহিব লগা প্ৰজন্মই যাতে সুন্দৰ জীৱন পায় তাক নিশ্চিত কৰাটো আমাৰ ৷

Leave A Reply