Breaking

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

0 44

মুৰফুলনী

গোলাঘাট জিলাত কৰু’ণা মহামাৰীৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বানৰ তাণ্ডৱ ।বানৰ বাবে নুমলীগড়ৰ বহু কৃষকৰ নিদ্ৰা নাই এতিয়া।বানৰ বাবে কেঁচাতে কাটিব লগীয়া হৈছে বড়ো ধান।কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিতে বান্ধ চিঙি কৃষকৰ শ শ বিঘা বড়ো ধানৰ খেতিত সোমাইছে পানী ।এক অবৰ্ণনীয় পৰিস্থিতি।গোলাঘাট জিলাৰ কৃষিমন্ত্ৰী গৃহ সমষ্টি  মিচিং অধ্যুষিত নিকৰি এলেংমাৰী অঞ্চল এতিয়া কান্দিছে কৃষকে ।মূৰৰ ঘাম পানী কৰি কৰা শ শ বিঘা বড়ো ধান কেঁচাতে কাটিব লগীয়া হৈছে কৃষকে।কিয়নো এলেংমাৰী বান্ধৰ ওপৰেৰে এতিয়া বৈছে ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানী।চপৰা চপৰে খহিছে নৈ পাৰ।কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবে এতিয়া নিকৰি, এলেংমাৰী, গুটুং, নৈগাঁও, বৰতল,গৰৈমাৰি আদি কৰি প্ৰায় 50 খন গাঁওৰ শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তলত যোৱা উপক্ৰম। যাৰ বাবে প্ৰতিকূল বতৰক নেওচি কৃষকে কেঁচাতে কাটিছে বড়ো ধন।বছৰি বৰলুইতৰ বাঢ়নী পানীয়ে এই এলেংমাৰি জানৰ ওপৰত নিমাৰ্ণ কৰা মথাউৰি ভাঙি দিচৈ পঞ্চায়তৰ অন্তৰ্গত প্ৰায়খিনি গাৱঁৰ বছৰেকৰ ধান মাৰি লৈ যায়।এই লোকসকলৰ প্ৰধান খেতি হৈছে বড়ো খেতি।বড়ো ধানৰ খেতিতেই নিৰ্ভৰ এই কৃষিজীৱী লোক সকল ।বেলেগ শালি খেতি বা ৰবি খেতি ওপৰত নিৰ্ভয় নকৰে এই সকল কৃষকে । এলেংমাৰি জানৰ ওপৰত বছৰি মথাউৰি নিমাৰ্ণ হয়,আৰু বছৰি মথাউৰি পানীয়ে ভাঙে। বছৰি চৰকাৰৰ ৰাজকোষৰ লাখ-লাখ টকাৰ খৰছ মথাউৰি নিৰ্মাণত।গতিকে ইয়াৰ এটা স্থায়ী সমাধান কৰিবৰ বাবে আহ্বান জনাইছে চৰকাৰক ।

Leave A Reply