Breaking

মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : আত্মনিৰ্ভৰ ভাৰতৰ মুখ্য ভূমিকাত কৃষক

0 1,247

অনলাইন বাৰ্তা : কৃষি সংস্কাৰমূলক তিনিখন বিধেয়ক গৃহীত হোৱাৰ বাবে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন মোডী চৰকাৰ ৷ সংসদত বিৰোধীৰ তুমুল বিক্ষোভ হৈছে ৷ আনহাতে পাঞ্জাৱ, হাৰিয়ানাসহ দেশৰ বিভিন্ন ঠাইত বিক্ষোভ কৰিছে কৃষকে ৷ আনহাতে জোঁট এৰিছে পুৰণা সংগী আকালি দলে ৷ ইয়াৰ মাজতে দেওবাৰে মাহেকীয়া ৰেডিয় অনুষ্ঠানত এই কৃষি বিধেয়কক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ কৃষকসকলৰ সমৰ্থন অনাৰ চেষ্টা কৰি প্ৰধানমন্ত্ৰীয়ে জনায়, নতুন এই কৃষি বিধেয়ক আইনত পৰিণত হ’লে কৃষকৰ কি দৰে সহায় কৰিব ৷ ৰেডিয় অনুষ্ঠান ‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, আত্মনিৰ্ভৰ ভাৰতৰ ভিত্তিয়েই হ’ল কৃষকৰ ৷ কৰ’না সংকটৰ মাজত দেশৰ কৃষি ব্যৱস্থা শক্তিশালী আৰু স্থিতিশীল হৈছে ৷ প্ৰকৃততে এই মাধ্যমত দেশৰ কৃষক ভাইসকলৰ আত্মবিশ্বাসই প্রকাশিত হৈছে ৷ এই কৃষক ভাইসকলেই আত্মনির্ভৰ ভাৰতৰ ভিত্তি ৷ আত্মনির্ভৰ ভাৰত গঢ়ি তোলাত কৃষক ভাইসকলৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ তেওঁলোকৰ মনোবলৰ ওপৰত ভিত্তি কৰিয়েই দেশ শক্তিশালী হৈ উঠিব পাৰে ৷ নতুন বিধেয়ক আইনত পৰিণত হ’লে কৃষকে ন্যূনতম সহায়ক মূল্য নাপায় ৷ এই লৈ ক্ষোভৰ সৃষ্টি হৈছে ৷ প্রধানমন্ত্রীয়ে কয়, নতুন এই বিধেয়কে প্ৰকৃততে কৃষকৰ হাত শক্তিশালী কৰিব ৷ কেৱল মাত্ৰ চৰকাৰৰ ভৰসাত বহি থাকিলে নহ’ব কৃষকে৷ যাৰে ইচ্ছা, যি ইচ্ছা ফচল বিক্ৰী কৰিব পাৰিব তেওঁলোকৰ ৷ মোডীয়ে কয়, দেশৰ কৃষি ক্ষেত্ৰত অধিক উন্নয়ন ঘটিছে ৷ এতিয়া কোনো ফচল বিক্ৰী কৰিব পাৰিব কৃষকে ৷ কেৱল ফল, শাকপাচলিয়ে নহয়, চাউল, গম আদিও বিক্ৰী কৰিব পাৰিব ৷ যাৰ ওচৰত বেছি দাম পাব তেওঁকেই বিক্ৰী কৰিব পাৰিব ৷ তেওঁৰ আশা, উন্নত প্রযুক্তিৰ মাধ্যমত কৃষিক্ষেত্রত অধিক বিকাশ ঘটিব ৷

Leave A Reply