Breaking

গৰৈমাৰীত পথাৰতে মৰহি গৈছে কৃষকৰ কষ্টৰ ফচল ইৰি খেতি : অচিন ৰোগত ছন পৰিছে খেতি

0 1,079

পথাৰতে মৰহি গৈছে কৃষকৰ কষ্টৰ ফচল ,শ শ বিঘা ইৰি ধানৰ খেতিত অচিন ৰোগ৷দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ পথাৰতে ছন পৰিছে ইৰি খেতি ৷গৰৈমাৰীৰ মহিমাৰীৰ কৃষকৰ মূৰে কপালে হাত৷ বিভিন্ন ধৰণৰ অচিন পোকৰ আক্ৰমণত বিঘাই বিঘাই ইৰি খেতি নষ্ট হৈ পৰিছে ৷ধান খেতিত ঔষধ দিয়াৰ পিছতো সুফল লাভ কৰা নাই কৃষক সকলে। ফলত দিশহাৰা হৈ পৰিছে কৃষকসকল।ইফালে গৰৈমাৰীত কৃষি বিভাগৰ কাৰ্যালয় এখন আছে যদিও কোনো দিনে এই সকল বিষয়া কৰ্মচাৰীয়ে কৃষক সকলৰ লগত যোগাযোগ বা কোনো দিনে খেতি পথাৰ পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে।

গৰৈমাৰীৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ও গ্ৰাম সেৱক সকলে বেছি সংখ্যক সময় নিজ কৰ্তব্যক ফাকি দি ঘৰতে বহি মাহৰ মূৰত মাহ বছৰৰ মূৰত বছৰ ধৰি দৰ্মহা খাই থকাৰ অভিযোগ উত্থাপন  হৈছে।অতিশীঘ্ৰেই ৰাজ্য চৰকাৰৰ ব্যগোম কৃষি বিভাগে কৃষক সকলৰ ক্ষতিপুৰণৰ দাবী কৰিছে কৃষক সকলে ৷

Leave A Reply